MONTHLY CURRENT AFFAIRS 2025

(১) মুক্ত বিচৰণ ব্যৱস্থা(Free Movement Regime) ৰ আধাৰত ভাৰত আৰু ম্যানমাৰৰ মাজত হোৱা চুক্তিমৰ্মে সীমান্তৰ দুয়োপাৰে ১৬ কি.মি. লৈ দুয়োখন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব পাৰিব। মোৰেহ্ সীমান্ত হৈ  ম্যানমাৰৰ টামু বজাৰ অৱস্থিত।কিন্তু ম্যানমাৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা বন্ধ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে।

(২)ভাৰত-কুৱেইট সম্পৰ্ক: কুৱেইট হৈছে গাল্ফ ক’পাৰেচন কাউন্সিল(GCC) ৰ এক মুখ্য সদস্য।আটাইতকৈ বেছি সংখ্যক প্ৰবাসী ভাৰতীয় কুৱেইটত থাকে।কুৱেইট হৈছে ভাৰতৰ ষষ্ঠ বৃহৎ খাৰুৱা তেল যোগানকাৰী তথা চতুৰ্থ বৃহৎ এল.পি.জি. যোগানকাৰী দেশ অৰ্থাৎ ভাৰতৰ মুঠ শক্তিৰ প্ৰয়োজনীয়তাৰ ৩% কুৱেইটে পূৰ কৰে।

মধ্য প্ৰাচ্যৰ দেশসমূহৰ লগত ভাৰতৰ আন্তঃগাঁথনিমূলক তথা সংযোগীকৰণৰ হেতু আই২ইউ২(I2U2-ইণ্ডিয়া/ইজৰাইল/ইউ.এ.ই./ইউ.এচ.এ.) আৰু আই.এম.ই.চি.(India Middle East Economic Corridor) দৰে গ্ৰুপৰ মাধ্যমত কাম চলি আছে।পশ্চিম এছিয়াত শান্তি প্ৰতিষ্ঠা হ’লেহে এইসমূহৰ লক্ষ্য সাকাৰীকৃত হব।

GS-3:

(৩)কোৱাণ্টাম কম্পিউটাৰ: কোৱাণ্টাম পদাৰ্থ বিজ্ঞানত বিশ্বব্ৰহ্মাণ্ডৰ ক্ষুদ্রাতিক্ষুদ্র কণাসমূহৰ ওপৰত আলোচনা কৰা হয়।জটিল কোৱাণ্টাম চিষ্টেমৰ সমস্যাসমূহ সমাধানৰ অৰ্থে কোৱাণ্টাম কম্পিউটাৰ প্ৰয়োজন হ’ব।

ক্লাছিকেল কম্পিউটাৰবিলাকে ক্লাছিকেল ফিজিক্সৰ অধীনত কাম কৰে য’ত মৌলিক কম্পিউটিং ইউনিটটো হৈছে বিট।বিটবিলাকত একো একো টুকুৰা তথ্য থাকে যাৰ মান ০ অথবা ১।এই বাইনাৰী চিষ্টেমত ০ আৰু ১ ৰ সহায়ত সকলো ধৰণৰ তথ্য সাঁচি ৰাখিব পাৰি।

কোৱাণ্টাম কম্পিউটাৰবিলাকে কিউবিট(Qubit) ৰ আধাৰত কাম কৰিব পাৰে য’ত কিউবিটৰ মান ০,১ বা আংশিকভাবে ০ বা আংশিকভাবে ১ হ’ব পাৰে।

এটা ক্লাছিকেল বিটত এটা তথ্য থকাৰ বিপৰীতে এটা কিউবিটত দুটা তথ্য থাকে। সেয়েহে কম্পিউটেচন সোনকালে হয় তথা সঠিক উত্তৰ নিৰূপণ কৰিব পাৰে।

কোৱাণ্টাম কম্পিউটাৰবিলাক দুটা মূল নীতিৰ ওপৰত আধাৰিত-

i)চুপাৰ পজিচন(Superposition): একে সময়তে দুটা অৱস্থা অৰ্থাৎ ০ আৰু ১ ত থাকিব পাৰে।

ii)এনটেংগলমেণ্ট(Entanglement): দুটা কিউবিত এটা আনটোৰ লগত জড়িত হৈ থাকে যদিও দুয়োটাই দুটা পৃথক পৃথক ঠাইত অৱস্থান গ্ৰহণ কৰে। যেনে-এযোৰ গ্ল’ভচ।

সুবিধাসমূহ:

i)দ্ৰুত গণনা।

ii)তথ্য সুৰক্ষা: বৰ্তমান সময়ত তথ্য সুৰক্ষাৰ বাবে পাছৱৰ্ডটো অন্য এটা গাণিতীয় সমস্যাৰ সমাধানত লুকুৱাই ৰখা হয়। ফেক্টৰাইজেচন(Factorisation) ৰ জৰিয়তে পাছৱৰ্ডসমূহ শক্তিশালী কৰিব পৰা হব। যেনে- শ্ব’ৰৰ এলগ’ৰিথ’ম (Shor’s Algorithm)।

অসুবিধাসমূহ:

i)প্ৰযুক্তি এতিয়াও ভালদৰে উন্নতি হোৱা নাই। যেনে-গুগলৰ ৫৩ কিউবিট চাইকাম’ৰ(Sycamore) প্ৰ’ছেচ’ৰ,গুগলৰ কোৱাণ্টাম চিপ উইলো(Willow)।

ii)পৰিৱেশৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ বাবে কোৱাণ্টাম অৱস্থাবোৰ সহজেই ভুলৰ সন্মুখীন হয়। কোৱাণ্টাম কম্পিউটাৰত তথ্য যথেষ্ট সময় ধৰি ৰাখিবলৈ ভুল সংশোধনৰ প্ৰয়োজন হয় যাতে ইয়াৰ সহায়ত উপযোগী গণনা কৰিব পৰা যায়।

iii)যিবোৰ সমস্যাৰ বাবে আমাক প্ৰকৃততে কোৱাণ্টাম কম্পিউটাৰৰ প্ৰয়োজন — যেনে নতুন ঔষধ আৱিষ্কাৰ কৰা বা জ্যোতিৰ্বিজ্ঞানৰ ৰহস্য উদ্ঘাটন কৰা — সেইবোৰৰ বাবেও লাখ লাখ কিউবিটৰ প্ৰয়োজন হয়।

iv) মূল চিন্তাটো হ’ল কোৱাণ্টাম কম্পিউটাৰ নিৰ্মাণ কৰাটো ব্যয়বহুল আৰু জটিল হৈয়েই আছে। বহুতো কিউবিটক সুস্থিৰ কৰি ৰখাটোও কঠিন কাৰণ ভুলৰ হাৰ(Error rates) আৰু বিসংগতিৰ বাবে অৰ্থাৎ যেতিয়া এটা কিউবিটে ইয়াৰ চাৰিওফালৰ কোলাহলৰ  বাবে চুপাৰপজিচন হেৰুৱাই পেলায়।

২০১৯ চনত আই.বি.এম. কোম্পানীয়ে বিশ্বৰ প্ৰথম চাৰ্কিট নিৰ্ভৰ কোৱাণ্টাম কম্পিউটাৰ কিউ চিষ্টেম ওৱান মুকলি কৰে।

ভাৰতে ৰাষ্ট্রীয় কোৱাণ্টাম মিছন,২০২৩ প্ৰৱৰ্তন কৰে যাৰ যোগেদি আঠ বছৰৰ ভিতৰত ৬০০০ কোটি টকা খৰচ কৰাৰ বাবে ধার্য কৰা হৈছে।

(৪) ভূতপূৰ্ব ৰাষ্ট্ৰপতি মনমোহন সিং ডাঙৰীয়াৰ মৃত্যু হয়।

তেখেতৰ সফলতাসমূহ এনেধৰণৰ-

i) পি ভি নৰসিংহ ৰাও প্ৰধান মন্ত্রী থাকোতে সিং ডাঙৰীয়া ভাৰতৰ বিত্ত মন্ত্রী আছিল।১৯৯১ চনৰ অৰ্থনৈতিক সংস্কাৰ বা এল.পি.জি.( উদাৰীকৰণ-বেচৰকাৰীকৰণ-বিশ্বায়ন) সংস্কাৰৰ বাটকটীয়া বুলি তেখেতক কোৱা হয়।

ii)২০০৪ চনৰ ২৬ ডিচেম্বৰত ভাৰত মহাসাগৰীয় চুনামিৰ সময়ত মানৱীয় সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা(HADR)ৰ ক্ষেত্ৰত ভাৰতে প্ৰথমে আগবাঢ়ি যায়।

iii) চুনামিৰ সময়ত আমেৰিকা,জাপান আৰু অষ্ট্ৰেলিয়াৰ লগত হোৱা বিভিন্ন ধৰণৰ আলোচনাৰ সময়তেই ভৱিষ্যতৰ ‘কোৱাড(Quad) গ্ৰুপিং’ ৰ ভেটি স্থাপন হয়।

iv)ভাৰত-আমেৰিকাৰ মাজত অসামৰিক পাৰমানৱিক চুক্তি স্বাক্ষৰিত হয় ।

৫) ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ‘দালাই লামা চেৰিটেবল ট্ৰাষ্ট’ক ‘ফৰেইন কনট্ৰিবিউচন ৰেগুলচন এক্ট’ ৰ অধীনত ৰেজিষ্ট্ৰেচনৰ অনুমতি প্ৰদান কৰে।এই ৰেজিষ্ট্ৰেচন ধৰ্মীয় উদ্দেশ্যত প্ৰদান কৰা হৈছে।

সমস্যাসমূহ: এফ.চি. আৰ. এ.(FCRA) ৰেজিষ্ট্ৰেচন প্ৰদান কৰা ব্যক্তি বা সংস্থাই যি উদ্দেশ্যেত ৰেজিষ্ট্ৰেচন প্ৰদান কৰা হয়,সেই উদ্দেশ্যতহে ধনখিনি ব্যৱহাৰ কৰিব লাগে। কিন্তু মাজে সময়ে দেখা যায় যে এই ধনসমূহ ধৰ্মান্তকৰণৰ প্ৰক্ৰিয়া বা দেশৰ উন্নয়নমূলক কাম-কাজসমূহত বিধি-পথালি দিয়াৰ বাবে ব্যৱহাৰ কৰে। যেনে-তিস্তা ছেটালভাডৰ গ্ৰীণপিচ ইণ্ডিয়া,ক’ম্পাচন ইণ্টাৰনেচনেল,এমনেষ্টি ইণ্টাৰনেচনেল আদি বেচৰকাৰী সংস্থাৰ নিয়ম ভংগ কৰাৰ অপৰাধত এফ.চি.আৰ. এ. লাইচেঞ্চ বাতিল কৰা হৈছে।

Q) ‘Stricter Foreign Contribution Regulation Act(FCRA) norms will stall developmental projects in India.’ Elucidate the statement in light of recent examples.(GS-3)

(250 Words/15 Marks)

‘ফৰেইন কনট্ৰিবিউচন ৰেগুলেচন এক্ট’ৰ কঠোৰ নীতি-নিয়মে ভাৰতৰ উন্নয়নমূলক কামসমূহ স্তব্ধ কৰিব।’-শেহতীয়া উদাহৰণসমূহৰ আধাৰত স্পষ্ট কৰাঁ।

(২৫০ শব্দ/১৫ নম্বৰ)(GS-3)

৬)ভাৰত ৰণভূমি দৰ্শন: ইয়াৰ জৰিয়তে ১৯৬২,১৯৭১,১৯৯৯(কাৰ্গিল),চিয়াছেন হিমবাহ,২০২০ চনৰ গালৱান সংঘাতৰ ঠাইসমূহ দর্শনাৰ্থীৰ বাবে উপলব্ধ হব।

১৯৬২ ৰ ভাৰত-চীনৰ যুদ্ধ: লাডাখৰ ৰেজাং লা,অৰুণাচল প্ৰদেশৰ কিবিথু আৰু বুম-লা।তাৰোপৰি পাংগংচ’,ডোকলাম,বাটালিক,ড্রাছ আদি যুদ্ধক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে উপলব্ধ হ’ব।

এই ব্যৱস্থাটোৰ উদ্দেশ্য হ’ল-আন্তঃগাঁথনি,যোগাযোগ,পৰ্যটন আৰু শিক্ষা।

৭)চট্টিছগঢ়ত ১২ মাওবাদী নিহত।

Q) ‘Left Wing extremism(LWE) has created a menace in India.’ What are the causes responsible for left wing extremism in India? Suggest measures to curb LWE.

(15 Marks/250 Words)(GS-3/Internal Security)

প্ৰশ্ন) ‘বামপন্থী উগ্ৰবাদ ভাৰতৰ কাৰণে এক জটিল সমস্যা।’ বামপন্থী উগ্ৰবাদ সৃষ্টি হোৱাৰ আঁৰৰ কাৰণবোৰ কি কি? এই উগ্ৰবাদৰ সমাধানসূত্ৰ আগবঢ়োৱা।(GS-3/দেশীয় নিৰাপত্তা)

(১৫ নম্বৰ/২৫০ শব্দ)

৮)প্ৰধান মন্ত্ৰীয়ে অষ্টম দৰমহা আয়োগ গঠনত অনুমতি দিছে।

ঘৰৰ কাম(Homework): ১)দৰমহা আয়োগ কি হয়? কিমান সদস্য থাকে? সদস্যৰ যোগ্যতা? কিহৰ আধাৰত গঠিত হয়?ন্যূনতম মঞ্জুৰি কিহৰ আধাৰত নিৰ্ধাৰিত হয়?(প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয়।)

৯)উপাসনাৰ স্থান আইন(১৯৯১) খনৰ বৰ্তমানৰ প্ৰেক্ষাপটত গুৰুত্ব বাঢ়িছে।

ইয়াৰ উদ্দেশ্য:

i)ধাৰা ৩(Section 3): উপাসনাৰ স্থলীসমূহক ধৰ্মান্তকৰণৰ পৰা বাৰণ কৰা।

ii)প্ৰতিটো ধৰ্মীয় উপাসনাস্থলীৰ ১৯৪৭ চনৰ ১৫ আগষ্টলৈ থকা ধৰ্মীয় স্বীকৃতি পিছলৈ বৰ্তাই ৰখাটো দায়িত্ব।

iii)ভাৰতীয় সংবিধানৰ ব্যৱস্থাৱলী:

ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ এটা মৌলিক অধিকাৰ(অনুচ্ছেদ ২৫-২৮)।

সংবিধানৰ প্ৰস্তাৱনা মতে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।

iv)ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ(Universal Declaration of Human Rights)ৰ অনুচ্ছেদ ১৮ য়ে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰে।

v)ৰাষ্ট্ৰসংঘৰ ‘ইণ্টাৰনেচনেল ক’ভেনেন্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটচ’ৰ অনুচ্ছেদ ১৮ য়ে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সুনিশ্চিত কৰে।

বৰ্তমানৰ বিবাদমান ধৰ্মীয় উপাসনাৰ স্থলী কিছুমান হ’ল- বাৰণসীৰ জ্ঞানৱাপী মছজিদ,মথুৰাৰ শ্বাহী ঈদগাহ।

উচ্চতম ন্যায়ালয়ে ২০২৪ চনৰ ডিচেম্বৰ মাহৰ এক ৰায়যোগে ধৰ্মীয় অনুষ্ঠানসমূহত নতুনকৈ জৰীপ তথা নতুন মোকৰ্দমা ৰুজু কৰাত বাধা আৰোপ কৰি থৈছে।

২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়মতে উপাসনাৰ স্থান আইন(১৯৯১) ভাৰতৰ সংবিধানৰ বুনিয়াদী সংৰচনাৰ(Basic Structure) অংশ।

Q) “Places of Worship Act,1991 is essential for maintaining secular nature of Indian State.” Elucidate.(15 Marks/250 Words)(GS-2)

“ভাৰত ৰাষ্ট্ৰৰ ধৰ্মনিৰপেক্ষতা অটুট ৰখাৰ বাবে উপাসনাৰ স্থান আইন,১৯৯১ অতীৱ প্ৰয়োজনীয়।”

স্পষ্ট কৰাঁ।(১৫ নম্বৰ/২৫০ শব্দ)(GS-2)

১০)ভাৰত চৰকাৰে চেনি ৰপ্তানিৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা চেনি ৰপ্তানি নিষেধ আছিল।

ইয়াৰ ফলত চেনিকলৰ মালিকসমূহ,শ্ৰমিকসকল লাভান্বিত হ’ব।চেনি হৈছে এক অত্যাৱশ্যকীয় সামগ্ৰী।সেয়েহে ইয়াৰ বিক্ৰী,চেনিকলৰ পৰা বিতৰণ, আমদানি-ৰপ্তানি ভাৰত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন,১৯৫৫ ৰ আধাৰত নিয়ন্ত্রণ কৰে।

Q)’Recently there has been seen growing clamour for anti immigration policies in developed countries.’-Discuss the impact of immigration on economies globally in light of recent examples.

(250 Words/15 Marks)(GS-2)

‘শেহতীয়াকৈ বিশ্বৰ উন্নত দেশসমূহত অনুপ্ৰৱেশ বিৰোধী নীতি নিৰ্দ্ধাৰণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা দেখা গৈছে।’-সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ অর্থনীতিত অনুপ্ৰৱেশৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাঁ।

(২৫০ শব্দ/১৫ নম্বৰ)(GS-2)

১১) শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি অৰুণা কুমাৰা দিচ্চানায়কে শেহতীয়াকৈ চীন ভ্ৰমণ কৰে।

এই ভ্ৰমণত তেওঁ চীনৰ চিন’পেক নামৰ কোম্পানীৰ পৰা শ্ৰী লংকাৰ দক্ষিণ হেমবনট’টা জিলাত এটা তেল শোধনাগাৰৰ বাবে ৩.৭ বিলিয়ন ডলাৰৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰিত কৰে।

ইতিমধ্যে ভাৰতৰ লগতো পূব ট্ৰিনক’মেলি জিলাত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ পৰা পৰিত্যক্ত খাৰুৱা তেলৰ টেংক পুনৰনির্মান বাবে আলোচনা চলি আছে।

শ্ৰী লংকাই ইতিমধ্যে চীনৰ ‘এক চীন মতবাদ’ য’ত টাইৱানক চীনৰ এক অবিচ্ছেদ্য অংগ বুলি ধৰা হয় তথা জিনজিয়াং আৰু জিজাংৰ মানৱ অধিকাৰ ভংগৰ চীনৰ বিৰুদ্ধে থকা অভিযোগৰ ক্ষেত্ৰত চীনক সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিছে।

চীনৰ ‘বেল্ট এণ্ড ৰোড ইনিছিয়েটিভ’ৰ শ্ৰী লংকা এক অংশীদাৰ।

আনহাতে ভাৰতে ‘চুবুৰীয়া প্ৰথম’ তথা ‘সাগৰ(SAGAR-Security and Growth For All in The Region)’ মতবাদৰ জৰিয়তে শ্ৰী লংকাৰ ওচৰ চাপিছে। ‘সাগৰ’ৰ জৰিয়তে ভাৰতে ভাৰত মহাসাগৰীয় দেশসমূহৰ সৈতে সাগৰীয় সহযোগিতা বৃদ্ধিৰ বাবে চেষ্টা কৰিছে।সাগৰমালা,প্ৰজেক্ট মৌচম আদি সাগৰ মতবাদৰ অংশ।

Q) ‘India is an age old friend of Sri Lanka.’ Discuss India’s role in the light of recent closeness of Sri Lanka-China ties.

(15 Marks/250 Words)(GS-2)

‘ভাৰত শ্ৰী লংকাৰ পুৰণি বন্ধু।’ শ্ৰী লংকা-চীনৰ শেহতীয়া বন্ধুত্বৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাঁ।

(১৫ নম্বৰ/২৫০ শব্দ)(GS-2)

১২)তামিলনাডুৰ কাল্লাকুৰিচিত অবৈধ মদ সেৱনৰ ফলত হোৱা গণনিধনৰ ঘটনাৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে।

১৩) ডনাল্ড ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অভিষিক্ত হোৱাটোৱে বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপটত কিধৰণৰ গুৰুত্ব বহন কৰে?

i) অকল দুটা লিংগ -মতা আৰু মাইকীক স্বীকৃতি দিয়া হ’ব।ট্ৰেন্সজেণ্ডাৰ,লেজবিয়ান,গে‘ আদিক স্বীকৃতি দিয়া নহয়।

ii)জন্মসূত্ৰে আমেৰিকাৰ নাগৰিক হব নোৱাৰিব।আগতে পিতৃ-মাতৃ যি দেশৰেই নহওঁক, আমেৰিকাত জন্ম গ্ৰহণ কৰিলে নিজে নিজে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল।

iii) ব্ৰিক্চ(BRICS) ৰাষ্ট্ৰসমূহক এশ শতাংশ তাৰিফ হাৰৰ ভাবুকি দিছে।

iv) আমেৰিকাৰ ৰিফিউজী চেটেলমেণ্ট প্ৰগ্ৰেমত স্থগিতাদেশ জাৰি কৰিছে।

v) পেৰিচ জলবায়ু চুক্তি,২০১৫ ৰ পৰা আমেৰিকা বাহিৰ হ’ল। ২০২৪ বৰ্ষটো ইতিমধ্যে বিশ্বই উদ্যোগীকৰণৰ আগতকৈ ১.৫ ডিগ্ৰী বেছি উষ্ণতাত অতিবাহিত কৰে। ইয়াৰ ফলত উন্নয়নশীল দেশসমূহৰ   জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে প্ৰয়োজনীয় অৰ্থৰ যোগান শুষ্ক হৈ পৰিব।

vi)বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ পৰা আমেৰিকা লাহে লাহে আঁতৰি আহিব।আমেৰিকা হৈছে ডব্লিউ.এইছ.ও.ৰ সৰ্ববৃহৎ দাতা।

১) ট্ৰাম্পে শাসকীয় আদেশ(Executive Order) ৰ যোগেদি ট্ৰেন্সজেণ্ডাৰসকলক মহিলা খেলুৱৈৰ শাখাত খেলাৰ পৰা বিৰত কৰাঁলে। যেনে-আলজেৰিয়াৰ বক্সাৰ ইমেন খেলিফ বিতৰ্ক ২০২৪ গ্ৰীষ্মকালীন অলিম্পিকত ৬৬ কেজি শাখাত পদক জিকাৰ পিছত।

২) ৰহিম-আল-হুছেইনিক ইছমাইলী শাখাৰ নতুন আঘা খান হিচাপে নিযুক্তি কৰাঁ হৈছে।

৩) উত্তৰাখণ্ড হৈছে উমৈহতীয়া দেৱানী বিধি(Uniform Civil Code) গ্ৰহণ কৰা দেশৰ প্রথমখন ৰাজ্য।

ভাৰতৰ সংবিধানৰ নিৰ্দেশনাত্মক নীতিৰ অনুচ্ছেদ ৪৪-ত কোৱা হৈছে যে উমৈহতীয়া দেৱানী বিধি কাৰ্য্যকৰীকৰণৰ বাবে ৰাষ্ট্ৰই চেষ্টা কৰা উচিত।কিন্তু দেশজুৰি সেয়া হৈ উঠা নাই।

উত্তৰাখণ্ডৰ আইনখনৰ যোগেদি জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে বিবাহ,বিবাহ বিচ্ছেদ,দত্তক গ্ৰহণ কৰাঁ,প্রতিপালন কৰাঁ আদি ক্ষেত্ৰত সমান নীতি-নিৰ্ধাৰণৰ বাবে ব্যৱস্থা কৰাঁ হৈছে।

ইয়াৰ ব্যৱস্থাসমূহ হ’ল-

i)ৰাজ্যখনত বসবাস কৰা অনুসূচিত জনজাতিৰ বাবে এয়া প্ৰযোজ্য নহয়।

ii) অবিবাহিত দম্পত্তিৰ সহবাসৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেচন প্ৰয়োজনীয় অৰ্থাৎ এনে বান্ধোনক আইনী স্বীকৃতি দিয়া হৈছে আৰু তাত প্ৰতিজন সংগীৰ অধিকাৰসমূহ সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। এনে সম্পৰ্কৰ ফলত জন্ম হোৱা ল’ৰা-ছোৱালীয়ে উত্তৰাধিকাৰ,প্ৰতিপালন আদি ক্ষেত্ৰত আইনী সুৰক্ষা পাব। বিচ্ছেদিত সংগীয়ে সুবিধাসমূহ পাব।

৪)ফ্ৰাঞ্চত অনুষ্ঠিত হয় ‘এ.আই. কাৰ্যব্যৱস্থা শীৰ্ষক সন্মিলন(AI Action Summit)’।পেৰিচৰ অধ্যক্ষতা আৰু ভাৰতৰ উপ-অধ্যক্ষতাত এই বৈঠক অনুস্থিত হয়।

‘ভাৰত-ফ্ৰাঞ্চ কৃত্ৰিম বুদ্ধিমত্তা ঘোষণাপত্ৰ’ত গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ যোগেদি মানৱীয় উন্নয়ন আৰু উমৈহতীয়া ভালৰ বাবে এ.আই.(AI) ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিব বুলি কোৱা হৈছে।

আমেৰিকা আৰু ফ্ৰাঞ্চৰ কোম্পানীবিলাকৰ ভাৰতৰ পাৰমাণৱিক শক্তি খণ্ডত বিনিয়োগ ৰহিত হৈছে কাৰণ ‘এট’মিক এনাৰ্জী এক্ট’ আৰু ‘চিভিল লায়েবিলিটি ফ’ৰ নিউক্লিয়াৰ ডেমেজেচ এক্ট’ত থকা কিছুমান ব্যৱস্থা বিনিয়োগকাৰীৰ পৰিপন্থী।ভাৰত আৰু ফ্ৰান্সে যৌথভাবে আধুনিক নিউক্লিয়াৰ ৰিয়েক্টৰ যেনে- স্মল মডুলাৰ ৰিয়েক্টৰ আৰু এডভান্সদ্ মডুলাৰ ৰিয়েক্টৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছে যাৰ যোগেদি সীমিত কাৰ্বন অৰ্থনীতিৰ(Low Carbon Economy) পিনে ধাৱমান সম্ভৱ হ’ব।

অসমীয়া প্ৰতিশব্দ:

i)এট’মিক এনাৰ্জী এক্ট(Atomic Energy Act)- পাৰমাণৱিক শক্তি আইন,১৯৬২।

ii)চিভিল লায়েবিলিটি ফ’ৰ নিউক্লিয়াৰ ডেমেজেচ এক্ট(The Civil Liability For Nuclear Damages Act,2010)- পাৰমাণৱিক ক্ষতিৰ বাবে অসামৰিক দায়ৱদ্ধতা আইন,২০১০।

৫) ইউটিউব শ্ব’- ‘ইণ্ডিয়াচ গট লেটেন্ট’ৰ উদ্যোক্তাসকলৰ বিৰুদ্ধে অশ্লীল শব্দ প্ৰয়োগৰ যোগেদি মহিলাৰ শ্লীলতা হানি কৰা তথা ভাৰতৰ সভ্যতা-পৰম্পৰা-মূল্যবোধৰ পৰিপন্থী কমেডি ভিডিও বনোৱাৰ অপৰাধৰ বাবে মুম্বাই আৰক্ষীয়ে কেচ ৰুজু কৰিছে।

১) ‘ইণ্ডিয়া’চ গট লেটেন্ট’ কেচত উচ্চতম ন্যায়ালয়ে কয়-‘মৌলিক অধিকাৰসমূহ প্লেটত পোৱা বস্তু নহয়,ইবিলাক নিজৰ কৰ্তব্যৰ মাজেদি উপভোগ কৰা যায়।’

উচ্চতম ন্যায়ালয়ে অনলাইন অশিষ্টতা(Vulgarity) ৰোধ কৰাৰ বাবে বাধ্যবাধকতা(Regulation) আৰোপ কৰাৰ হকে মত পোষণ কৰে।

২) নীতি আয়োগৰ প্ৰতিবেদন ‘ফ্ৰম বৰ’ৱাৰ্ছ টু বিল্ডাৰ্চ: উইমেনচ ৰ’লচ ইন ইণ্ডিয়াচ ফাইনেঞ্চিয়েল গ্ৰ’থ ষ্ট’ৰী’ মতে ২০২৪ চনৰ ডিচেম্বৰ মাহত তামিলনাডুৰ ৪৪% মহিলাৰ একোটা লোন আছে।সমগ্ৰ ভাৰতত এই সংখ্যা ৩১ শতাংশ।

৩)ডনাল্ড ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ লগত টাৰিফ যুদ্ধখন আৰম্ভ কৰিছে। এই দুখন দেশৰ পৰা আমদানিত ২৫% টাৰিফ আৰোপ কৰা হৈছে।

About a third (31%) of India’s pharma exports totalling $8.7 billion were to the U.S. in FY24. News of the proposed tariffs(25%) has sent shock waves, with some firms suggesting a pivot to producing in the U.S., which could potentially lead to a trade revenue loss for India.

৪) মণিপুৰত মাৰ আৰু জ’মি জনগোষ্ঠীৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছে।

৫)নাগপুৰৰ সাম্প্ৰদায়িক হিংসা: বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ছত্ৰপতি সম্ভাজী নগৰ(আগৰ ঔৰংগাবাদ)ত থকা মোগল বাদশ্বাহ ঔৰংগজেৱৰ সমাধি আঁতৰোৱাৰ বাবে দাবী উত্থাপন কৰি আহিছে।সিদিনাৰ প্ৰতিবাদত ধৰ্মগ্ৰন্থ ‘কোৰান’ জ্বলোৱা বুলি এক উৰাবাতৰি বিয়পিছিল।

মাৰাঠী চিনেমা ‘চ্ছাৱা’ য’ত ছত্ৰপতি সম্ভাজী মহাৰাজ আৰু ঔৰংজেৱৰ যুদ্ধৰ ছবি দেখুৱা হৈছে,চিনেমাখনে বক্স অফিচত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে।

৬) ভাৰত-নিউজিলেণ্ডৰ মাজত ‘মুক্ত বাণিজ্য চুক্তি’ৰ বাবে আলোচনা চলি আছে।

৭) কনফাৰেন্স অৱ পাৰ্টিজ-৩০(COP-30) অনুষ্ঠিত হ’ব নৱেম্বৰ মাহত ব্ৰাজিলত। ভাৰতে এক ‘সৰ্বাংগীন ৰাষ্ট্ৰীয় তাপ ৰণনীতি(Comprehensive National Heat Strategy)’ প্ৰস্তুতকৰণত গুৰুত্ব দিব লাগে যিটো পৰৱৰ্তী পৰ্যায়ত ‘ৰাষ্ট্ৰীয় অনুকূলন যোজনা(National Adaptation Plan-NAP)’ ৰ অন্তৰ্ভুক্ত হব। এন.এ.পি.ৰ ধাৰণা আগবঢ়াইছে কানকুন

এডাপ্তেচন ফ্ৰেমৱৰ্ক,২০১০ অনুসৰি।

৮) ‘সমষ্টি পুনৰনিৰ্ধাৰণ’ক লৈ দক্ষিণৰ ৰাজ্যসমূহ সন্দেহৰ আৱৰ্তত।

৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে ১৯৭১ চনৰ পিয়ল অনুসৰি ২০০০ চনলৈ সমষ্টিৰ সংখ্যা পৰিৱৰ্তন নকৰা আৰু ৮৪ তম সংবিধান সংশোধনীৰ জৰিয়তে ২০২৬ চনলৈ সমষ্টিৰ সংখ্যা পৰিৱৰ্তন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

৯)মাওবাদী সমস্যাৰ অকল সামৰিক সমাধানে জনজাতিসকলক অবদমিত কৰিব।

১০)দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাক কৰ্ণাটক উচ্চ ন্যায়ালয়লৈ শাস্তিমূলকভাৱে বদলি কৰা হৈছে।তেখেতৰ কোৱাৰ্টাৰত অৰ্ধজ্বলিত টকা উদ্ধাৰ কৰা হৈছে।

মুখ্য শব্দ: ন্যায়িক জবাবদিহি,নেচনেল জুদিচিয়েল এপইন্টমেণ্ট কমিচন এক্ট,২০১৪ যিখন ২০১৫ চনত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল।

‘কলেজিয়াম চিষ্টেম’ ক্ৰুটিপূৰ্ণ বুলি আলোচনা হৈছে।

The NJAC Act essentially formed an appointment committee comprising the CJI, two senior judges of the Court, the Union Law Minister and two eminent persons to be nominated by a committee comprising the CJI, the Prime Minister of India and the Leader of the Opposition in the Lok Sabha. It also placed the secretariat of this commission with the Law Ministry. Seven judges of the Court held the view that this would provide substantial scope to the government to interfere with judicial appointments and that would erode the independence of the judiciary, which is part of the basic structure of the Constitution. Thus, despite the NJAC Act having been brought by way of a constitutional amendment, it was declared invalid by the Court.

১১) ৰাষ্ট্ৰসংঘৰ পৰ্যাৱৰণ কাৰ্যক্ৰম(UNEP)ৰ ফুড ৱেষ্ট ইণ্ডেক্স ৰিপোৰ্ট,২০২৪ মতে ২০২২ চনত বিশ্বত ১.০৫ বিলিয়ন টন খাদ্য নষ্ট হৈছে যিটো বিশ্বৰ খাদ্যৰ উপলব্ধতাৰ প্ৰায় ২০ শতাংশ ।ভাৰতত জনমুৰি ঘৰুৱা খাদ্য নষ্ট হয় বছৰি ৫৫ কি.গ্ৰা. যিটো আমেৰিকাৰ ক্ষেত্ৰত ৭৩ কি.গ্ৰা.।ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন প্ৰতিবেদন,২০২৪ মতে নষ্ট কৰা খাদ্যবস্তুৱে বিশ্বৰ সেউজ গৃহ গেছৰ ৮-১০% বছৰি উৎপন্ন কৰে অৰ্থাৎ চীন আৰু আমেৰিকাৰ পিছত বিশ্বৰ তৃতীয় বৃহৎ সেউজ গৃহ গেছৰ নিৰ্গমক।

বহনক্ষম উন্নয়ন লক্ষ্য(SDG)-2: শূণ্য ক্ষুধা।

এচ.ডি. জি.-১২.৩ :- খুচুৰা আৰু উপভোক্তা পৰ্যায়ত খাদ্য বস্তুৰ অপব্যয় হ্ৰাস কৰা।

১২)ভাৰত আৰু ছিংগাপুৰে গ্ৰীণ এণ্ড ডিজিটেল শ্বিপিং কৰিদ’ৰ(Green and Digital Shipping Corridor) স্থাপনৰ বাবে লেটাৰ অৱ ইন্টেন্ট(LOI)-ত চহী কৰে।

ইয়াৰ যোগেদি নৌ পৰিবহণ ডিজিটেলকৰণ তথা ইয়াত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

১৩) অপাৰেচন ব্ৰহ্ম: ভূম্পিকম্পত ক্ষতিগ্ৰস্ত ম্যানমাৰত ভাৰতৰ সাহায্য অভিযান।

১) ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে পৰৱৰ্তী দক্ষিণ-পশ্চিম মৌচুমীৰ সময়ত এল-নিন’ প্ৰভাৱৰ সম্ভাৱনা নাই।

এল-নিন’ : ইয়াৰ যোগেদি মধ্য-বিষুৱীয় প্ৰশান্ত মহাসাগৰৰ উষ্ণতা ০.৫-১ ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পোৱাটো সূচায়। ফলত ভাৰতত বৰষুণৰ পৰিমাণ কম হয়। ২০২৩ ৰ এল-নিন’ বৰ্ষত ভাৰতত বৰষুণ ৬% কমকৈ হয়।

তাপ প্ৰৱাহ(Heat Wave): যেতিয়া ৪৫ ডিগ্ৰীতকৈ বেছি উষ্ণতা হয় বা সাধাৰণ গড় উষ্ণতাতকৈ ৫-৬ °চে. উষ্ণতা বেছি হয়।

২) আমেৰিকাই ভাৰতৰ ওপৰত ২৭% শুল্ক আৰোপ কৰে।

ক) এই শুল্কৰ হাৰ বিভিন্ন দেশৰ ক্ষেত্ৰত এনেকুৱা-

ভিয়েটনাম- ৪৬%

থাইলেণ্ড-৩৭%

শ্ৰী লংকা-৪৪%

পাকিস্তান-৩০%

এই তুলনাত ভাৰত অলপ সুবিধাজনক স্থিতিত আছে।

খ)ম’ষ্ট ফেভাৰড্ দেশ(MFN) -সমূহৰ ক্ষেত্ৰত ভাৰতৰ গড় শুল্ক হৈছে ১৭%,চীনৰ ৭.৫%,ইউৰোপীয়ান ইউনিয়নৰ ৫% আৰু আমেৰিকাৰ ৩.৩%।এইয়াও এক অসন্তুষ্টিৰ কাৰণ।

৩) ট্ৰেন্সজেণ্ডাৰ পাৰ্চনচ্(প্ৰটেকচন্ অৱ ৰাইটচ্) এক্ট,২০১৯:

সংজ্ঞা: ট্ৰেন্সজেণ্ডাৰ মানে হ’ল যিসকলৰ লিংগ জন্মগত লিংগতকৈ বেলেগ।

এই আইনখনৰ যোগেদি ট্ৰেন্সজেণ্ডাৰসকলৰ প্ৰতি তলৰ বিষয়সমূহত বৈষম্য আঁতৰোৱাৰ বাবে চেষ্টা কৰা হৈছে-

i) শিক্ষা,ii)স্বাস্থ্য, iii)নিযুক্তি,iv)জনসাধাৰণৰ কাৰণে উপলব্ধ ভাল সুবিধাসমূহৰ ব্যৱহাৰ,v)চলাচলৰ অধিকাৰ,vi)যিকোনো সম্পত্তিত থকা বা ভাড়া লোৱাৰ অধিকাৰ,vii)চৰকাৰী-বেচৰকাৰী অফিচ গ্ৰহণ কৰিব পৰা সুযোগৰ অধিকাৰ।

এই আইনখনৰ অধীনত নেচনেল কাউন্সিল ফৰ ট্ৰেন্সজেণ্ডাৰ পাৰচনচ্(NCT) গঠন কৰা হয়।

এই বৈষম্য আঁতৰ কৰাত হমচফৰ ট্ৰাষ্টৰ ‘আই এম অলচ’ হিউম্যান’ কেম্পেইনে সহায় কৰিব।তামিলনাডুৰ ‘কুভাগাম’ সাংস্কৃতিক উৎসৱ দিক-নিৰ্ণায়ক হব।

৩১ মাৰ্চ দিনটো ‘ইণ্টাৰনেচনেল ট্ৰেন্সজেণ্ডাৰ দে অৱ ভিচিবিলিটি’ হিচাপে পালন কৰা হয়।

৪) দ্য বে অৱ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি-চেক্টৰেল  টেকনিকেল কোঅপাৰেচন(BIMSTEC) ৰ সন্মিলন অনুষ্ঠিত হয় বেংককত।

ইয়াত প্ৰধান মন্ত্ৰী মোদীৰ বৈঠক অনুষ্ঠিত হয় বাংলাদেশ অন্তৰ্ৱৰ্তীকালীন  চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুচ তথা ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিঙ আন হ্লায়িং তথা নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা ওলিৰ লগত । এই তিনিওজন নেতাই বিগত সময়ত চীন দেশ ভ্ৰমণ কৰিছে।

বৰ্তমান সময়ত চাৰ্ক(SAARC) গ্ৰুপিং সুপ্ত হৈ থকা বাবে তথা বিশ্ব অৰ্থনীতিত আমেৰিকাই আৰম্ভ কৰা শুল্ক যুদ্ধৰ বাবে বিমষ্টেক(BIMSTEC)ৰ গুৰুত্ব বাঢ়িছে।

৫) সাগৰীয় ৰেলপথত ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সেতু তামিলনাডুৰ ৰামেশ্বৰমত পাম্বান সেতু প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে।এই দলংখনে তামিলনাডুৰ ৰামেশ্বৰম দ্বীপক মূল ভূ-খণ্ডৰ ৰামনাথপুৰমৰ লগত সংযোগ কৰিছে।

চেনাব ৰেল সেতু(বিশ্বৰ উচ্চতম ৰেল দলংৰ ভিতৰত এখন) জম্মু-কাশ্মীৰত অৱস্থিত।অটল সেতু যিখন বিশ্বৰ দীৰ্ঘতম সাগৰীয় দলং মুম্বাইত অৱস্থিত।বগীবিল দলং যিখন বিশ্বৰ দীৰ্ঘতম ৰেল তথা পথ দলং অসমত অৱস্থিত।

৬) ভাৰতত সাম্প্ৰতিক সময়ত প্ৰতিৰোধমূলক চিকিৎসা(Preventive Healthcare)ত গুৰুত্ব আৰোপ কৰিব লাগে।

বৰ্তমান ভাৰতৰ দুই-তৃতীয়াংশ মৃত্যু অসংক্ৰামক ৰোগ(Non-communicable disease)ৰ পৰা হয়।

৩০ বছৰৰ ওপৰৰ ২২% ভাৰতীয়ই ৭০ বছৰ বয়স পোৱাৰ আগতেই অসংক্ৰামক ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ৱৰ্ল্ড ইকোন’মিক ফৰাম আৰু হাৰ্ভাৰ্ড স্কুল অৱ পাব্লিক হেল্থৰ এক সমীক্ষামতে ২০১২-২০৩০ চনৰ ভিতৰত

অসংক্ৰামক ৰোগে ভাৰতৰ অৰ্থনীতিত ৩.৫-৪ ট্ৰিলিয়ন ডলাৰৰ লোকচান সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

নেচনেল প্ৰগ্ৰেম ফৰ প্ৰিভেনচন এণ্ড কনট্ৰ’ল অৱ এন.চি.ডিচ.(NP-NCD) হৈছে ভাৰত চৰকাৰৰ এই ক্ষেত্ৰত এক আঁচনি।

There are four main groups that cause 80 percent of all “premature” NCD deaths:

1)Cardiovascular diseases (such as heart attacks and hypertension).

2)Chronic respiratory diseases (including COPD and asthma).

3)Diabetes.

4)Cancer.

অসংক্ৰামক ৰোগ কি?

অসংক্ৰামক ৰোগ (NCD) হৈছে এনে ৰোগ যিবোৰ মানুহৰ মাজত প্ৰত্যক্ষভাৱে সংক্ৰমিত হ’ব নোৱাৰে। এইবিলাক দীৰ্ঘদিনীয়া ৰোগ অৰ্থাৎ আজীৱন মানুহৰ লগত থাকে।

এই দীৰ্ঘম্যাদী ৰোগবোৰৰ কাৰণ হৈছে জিনীয় দুৰ্বলতা আৰু পৰিৱেশগত কাৰকৰ সমন্বয় যেনে দৰিদ্ৰতা, প্ৰদূষিত পৰিৱেশত বাস কৰা,অখাদ্য বা দুৰ্বল খাদ্য, ধঁপাত আৰু মদ্যপান।

৭) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিমাসিক ম’নিটাৰী পলিচী কমিটিয়ে ৰেপ’ ৰেট 0.২৫% কমায় এপ্ৰিল মাহৰ ০৯ তাৰিখে। বৰ্তমান ৰেপ’ ৰেট হৈছে ৬%,আগতে আছিল ৬.২৫%।

ৰেপ’ ৰেট হৈছে যি হাৰত ৰিজাৰ্ভ বেংকে আন বেংকসমূহৰ হ্ৰস্বম্যাদী টকাৰ অভাৱ দূৰ কৰাৰ বাবে টকা ধাৰলৈ দিয়ে।

ইয়াৰ দ্বাৰা গাড়ী,ঘৰ,ব্যক্তিগত লোনৰ সুতৰ হাৰ কমিব বুলি আশা কৰা হৈছে। আনহাতে চেভিংছৰ সুতৰ হাৰো

কমিব।

ম’নিটাৰী পলিচী কমিটিয়ে চলিত বিত্তীয় বৰ্ষত (২০২৫-২৬) ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ পূৰ্বানুমান কৰি ৬.৭% ৰ পৰা কমি ৬.৫% হব বুলি ধাৰণা কৰিছে।

৮) ভাৰতৰ সাগৰীয় বন্দৰসমূহত বাংলাদেশৰ সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত ট্ৰেন্সচিপমেণ্ট সুবিধা উপলব্ধ কৰিবলৈ দিয়া নহব।

ইয়াৰ ফলত নেপাল,ভূটান আৰু ম্যানমাৰৰ লগত বাংলাদেশৰ ৰপ্তানি ক্ষতিগ্ৰস্ত হব।ভাৰতৰ বিমান বন্দৰ তথা সাগৰীয় বন্দৰসমূহৰ যান-জঁট কমোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিদেশ মন্ত্ৰালয়ে উল্লেখ কৰিছে।

শেহতীয়াকৈ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মঃ ইউনুচে বাংলাদেশৰ বন্দৰসমূহ ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ-পূৱৰ লগত ব্যৱসায়-বাণিজ্য বৃদ্ধি কৰিবলৈ চীনদেশক আহ্বান জনাইছিল।

৯) বেংকৰ নন-পাৰফৰ্মিং এচেট(NPA)ৰ সমস্যা আঁতৰোৱাৰ বাবে ৰিজাৰ্ভ বেংকে ষ্ট্ৰেচ্ছদ্ এছেট(Stressed Asset) সমূহক বজাৰৰ জৰিয়তে চিকিউৰিটীত পৰিণত কৰাৰ সিদ্ধান্ত লৈছে।

ইতিমধ্যে চৰফেইছী(SARFAESI) আইন,২০০২ ৰ অধীনত এন.পি.এ. কামোৱাৰ বাবে এচেট ৰিকনষ্ট্ৰাকচন কোম্পানী(ARC) ৰ ব্যৱস্থা কৰা হৈছিল।

১০) তামিলনাডু চৰকাৰৰ ১০ খন বিধেয়ক ৰাজ্যপাল আৰ. এন. ৰবিয়ে কোনোধৰণৰ কাৰ্যপন্থা গ্ৰহণ নকৰাকৈ মাহৰ পিছত মাহ ধৰি পেলাই থৈছিল।

উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে-

১) ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ ওপৰত ৰায় নিদিয়াকৈ ৰাজ্যপালে সৰ্বাধিক এক মাহ সময় থাকিব পাৰিব।

২)ৰাজ্যপালে ৩ মাহৰ ভিতৰত বিধেয়ক এখন ৰাষ্ট্ৰপতিলৈ বিবেচনাৰ বাবে পঠিয়াব লাগিব।

৩)সৰ্বাধিক তিনি মাহৰ ভিতৰত বিধেয়ক এখন কাৰণৰ সৈতে কেবিনেটলৈ ঘূৰাই পঠাব লাগিব যদি ৰাজ্যপালে কেবিনেটৰ সিদ্ধান্তত একমত নহয়।

৪)কেবিনেটে দ্বিতীয়বাৰ গৃহিত কৰিলে ৰাজ্যপালে এক মাহৰ ভিতৰত বিধেয়কখনত সন্মতি দিব লাগিব।

ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়ে কমেও এক মাহ আৰু সৰ্বাধিক ৩ মাহৰ ভিতৰত বিধেয়ক এখনত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।অন্যথা ৰাজ্য বা কেন্দ্রীয় চৰকাৰে সাংবিধানিক ন্যায়ালয়ৰ ওচৰ চাপিব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ মতে অনুচ্ছেদ ২০০ অনুসৰি ৰাজ্যপালে সুশাসন চলোৱাত এজন প্ৰশিক্ষক হিচাপেহে কাম কৰিব লাগে। তেওঁ প্ৰশাসনত বাধাৰ সৃষ্টি কৰিব নালাগে।ৰাজ্যপালৰ কোনো ‘সম্পূৰ্ণ বা পকেট ভেটো(Absolute or Pocket Veto)’ নাই।

A Governor has a maximum of one month to withhold assent on the aid and advice of the State Cabinet, the court said. If he withholds assent contrary to the Cabinet’s advice, he has a maximum of three months to return the Bill with a message specifying his reasons. The Governor has three months to reserve a Bill for the President’s consideration against the advice of the State Cabinet. The Governor “must” grant assent to a Bill re-passed by the State Legislature under Article 200 within a maximum of one month.

অধিক ব্যাখ্যা:

৮ এপ্ৰিল,২০২৫: তামিলনাডু ৰাজ্য বনাম তামিলনাডুৰ ৰাজ্যপাল শীৰ্ষক ৰায়ত সন্মানীয় উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ ৰাজ্যপাল আৰ. এন. ৰবিৰ ওপৰত বিষোদগাৰ পোষণ কৰে।ৰাজ্যপালগৰাকীয়ে ১০ খন বিধেয়ক বছৰৰ পিছত বছৰ পেলাই ৰখাৰ পিছত যেতিয়া ৰাজ্যৰ বিধানসভাই দ্বিতীয়বাৰ অনুমোদন জনাই তেতিয়া সেই বিধেয়কসমূহ ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠিয়াই।ৰাষ্ট্ৰপতিয়ে নিজৰ সন্মতি স্থগিত ৰাখে। উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ১৪২ ৰ অধীনত দিয়া বিশেষ ক্ষমতা প্ৰয়োগ কৰি বিধেয়কসমূহে ৰাষ্ট্ৰপতিৰ সন্মতি পোৱা বুলি ঘোষণা কৰে।

১১) তেলেংগানা হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য য’ত অনুসূচীত জাতিৰ সংৰক্ষণৰ ক্ষেত্ৰত উপ শ্ৰেণীবিভাজন কৰা হৈছে।ইয়াৰ আধাৰত আটাইতকৈ পিছপৰা অনুসূচীত জাতিৰ ক্ষেত্ৰত পৃথক কোটাৰ ব্যৱস্থা থাকিব।

২০২৪ চনৰ ১ আগষ্টৰ এক ৰায়যোগে উচ্চতম ন্যায়ালয়ে অনুসূচীত জাতি আৰু জনজাতিৰ ক্ষেত্ৰত অধিক পিছপৰাখিনিৰ বাবে উপ শ্ৰেণীবিভাজনৰ ব্যৱস্থা সাংবিধানিক আখ্যা দিছে।

১) কেৰালাত আকৌ নিপা ভাইৰাছৰ আবিৰ্ভাৱ হৈছে।এই ভাইৰাছৰ স্বাভাৱিক বাসস্থান হৈছে ফল খোৱা বাদুলী,সেয়ে এইবোৰৰ অধ্যয়ন অতীৱ প্ৰয়োজনীয়।নিপা ভাইৰাছৰ গতি-প্ৰকৃতি নিয়ন্ত্ৰণৰ বাবে জেনেটিক চিকুয়েন্স বা জিনীয় অনুক্ৰমণৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ হোৱাটো প্ৰয়োজনীয় তেতিয়াহে বাংলাদেশ বা অন্য ঠাইত হোৱা নিপাৰ প্ৰকাৰৰ লগত ইয়াৰ পাৰ্থক্য ধৰিব পৰা যাব।

২) এক দুৰ্যোগ হিচাপে – তাপ প্ৰবাহ(Heat Wave):

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক সমীক্ষা মতে ২০২৪ বৰ্ষত তাপ প্ৰবাহে ব্যক্তিৰ স্বাস্থ্য আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, যাৰ ফলত ভাৰতৰ জিডিপিৰ প্ৰায় ৪.৫% ক্ষতি হৈছে।

৩)আই এম ডিৰ মতে ৫০ বছৰৰ গড় ৮৭ চে.মি.ৰ ৯৬%ৰ পৰা ১০৪% বৰষুণৰ পৰিমাণ ‘স্বাভাৱিক(Normal)’ বুলি গণ্য কৰা হয়।

দীৰ্ঘকালীন গড়ৰ ৯০%তকৈ কম বৰষুণক ‘অভাৱী(Deficient)’ বুলি গণ্য কৰা হয়; ৯০%ৰ পৰা ৯৫%ৰ ভিতৰত ‘স্বাভাৱিকৰ তলত(Below Normal)’; ১০৫%ৰ পৰা ১১০%ৰ ভিতৰত ‘স্বাভাৱিকৰ ওপৰত(Above Normal)’; আৰু ১১০%তকৈ অধিক বৰষুণক ‘অতিৰিক্ত(Excess)’ বৰষুণ বুলি গণ্য কৰা হয়।

ভাৰতৰ কৃষি খণ্ডৰ বাবে বাৰিষা অতি গুৰুত্বপূৰ্ণ।কৃষিখণ্ডই দেশৰ প্ৰায় ৪২.৩% জনসংখ্যাৰ জীৱিকাৰ ক্ষেত্ৰত সহায় কৰে আৰু দেশৰ জিডিপিত ১৮.২% অৰিহণা যোগায়।

৪)শেহতীয়াকৈ দুখনকৈ মুক্ত বাণিজ্য চুক্তি(FTA) স্বাক্ষৰিত হয়।

i)দ্য ট্ৰেড এণ্ড ইক’ন’মিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট(TEPA): এইখন ইউৰোপিয়ান ফ্ৰী ট্ৰেড এচোচিয়েছন(EFTA)ৰ লগত স্বাক্ষৰিত হয়।ই. এফ.টি. এ. ৰাষ্ট্ৰকেইখন হৈছে আইচলেণ্ড,লিকটেনষ্টাইন,নৰৱে আৰু ছুইজাৰলেণ্ড।

ii)ভাৰত আৰু বৃটিছ যুক্তৰাষ্ট্ৰৰ লগত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হয়।

৫)ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়(MoSPI)ৰ মতে এপ্ৰিল,২০২৫ ত খুচুৰা মুদ্ৰাস্ফীতি(Retail Inflation) ৩.১৬% হৈছে যিটো বিগত ৬৯ মাহৰ ন্যূনতম।

৫) ৰাষ্ট্রীয় শিক্ষা নীতি,২০২০(National Education Policy,2020) সফল নে?

২০২৫ চনত ভাৰতত স্নাতকসকলৰ চাকৰিত উপযুক্ততাৰ হাৰ ৪২.৬% আনহাতে ২০২৩ চনত এই হাৰ আছিল ৪৪.৩%।এন.ই.পি.ৰ বহুতবাৰ ওলোৱা-সোমোৱা কৰিব পৰা ব্যৱস্থাই কম উপাৰ্জনৰ ই-কমাৰ্চৰ চাকৰিৰহে জন্ম দিছে।

ধোঁৱা চাঙত উঠা কিছুমান ডাঙৰ বাজেটৰ প্ৰকল্প হ’ল-

6) “Modern wars are fought not on battlefield but outside the battlefield.” Discuss in the light of recent Indo-Pak war.

(250 Words/15 Marks)

“বৰ্তমানৰ যুদ্ধবোৰ যুদ্ধক্ষেত্ৰতকৈ যুদ্ধক্ষেত্ৰৰ বাহিৰতহে সংঘটিত হয়।” শেহতীয়াকৈ হোৱা ভাৰত-পাকিস্তানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আলোচনা কৰাঁ।

i)মানৱবিহীন উৰণ যান বা দ্ৰোণ যুদ্ধ।পাকিস্তানে প্ৰধানকৈ তুৰস্কত নির্মিত ‘চোনগাৰ’ দ্ৰোণ ব্যৱহাৰ কৰিছিল।ভাৰতে ব্যৱহাৰ কৰিছিল ‘স্কাইষ্ট্ৰাইকাৰ কামেকাজি’ দ্ৰোণ।ইয়াৰ জৰিয়তে চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা তথা নিখুঁত আক্ৰমণ কৰা সম্ভৱ হৈছে।

ii)ভাৰতৰ হাতত আছে –

a) আকাশ মিছাইল- এক মিডিয়াম ৰেঞ্জ মোবাইল চাৰফেচ টু এয়াৰ মিছাইল(MRSAM)।এয়া ভাৰতে নিজাববীয়াকৈ নিৰ্মাণ কৰিছে।

b)ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰিছে এয়াৰ ডিফেন্স চিষ্টেম,এচ-৪০০।ভাৰত আৰু ইজৰাইলৰ যুটীয়া প্ৰচেষ্টাত বনোৱা হৈছে বৰাক-৮ নামৰ চাৰফেচ টু এয়াৰ মিছাইল।

c)ভাৰত ইলেকট্ৰনিকচ লিমিটেডে বনোৱা ‘আকাশতীৰ চিষ্টেম’ হৈছে এক এয়াৰ ডিফেন্স চিষ্টেম যাৰ যোগেদি বায়ুমণ্ডলৰ কম উচ্চতাৰ লক্ষ্যসমূহ ভেদিব পাৰি।

d)প্ৰজেক্ট কুশ(Project Kusha):ই হৈছে ডি. আৰ. ডি. অ’.ৰ এক প্ৰজেক্ট যাৰ যোগেদি এক্সটেণ্ডেড ৰেঞ্জ এয়াৰ ডিফেন্স ছিষ্টেম(ERADS) নির্মাণৰ ব্যৱস্থা কৰা হব।২০২৮-২৯ ৰ ভিতৰত এই মিছাইলসমূহ ভাৰতীয় সেনাবাহিনীৰ হাতত উপলব্ধ হব।

৭) ভাৰত ছেমিকণ্ডাক্টৰ মিছন:

এই লিংকটোত গৈ পঢ়ক: https://ism.gov.in/

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫
 
হেমেন শৰ্মাৰ দ্বাৰা প্ৰস্তুত।
 
১) বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী চুক্তি(WHO Pandemic Agreement): বিশ্ব স্বাস্থ্য সংস্থাৰ এই চুক্তিখনৰ জৰিয়তে মহামাৰী নিবাৰণ তথা মহামাৰী প্ৰতিৰোধৰ বাবে কেনেদৰে সাজু হব লাগিব তথা মহামাৰীৰ সময়ত কি কৰা উচিত,এইবোৰৰ বিষয়ে আলোকপাত কৰা হৈছে। ভাৰত এই চুক্তিৰ স্বাক্ষৰকাৰী।এই চুক্তিৰ এক প্ৰধান  অংগ হৈছে- পেথ’জেন একচেচ্ এণ্ড বেনিফিট শ্বেয়াৰিং চিষ্টেম(PABS)।বিশ্বৰ ৬০ খন দেশে ইয়াত আনুষ্ঠানিক অনুমোদন দিলে এইখন বলৱৎ হব।শেহতীয়াকৈ ২০২৫ চনৰ মে’ মাহত ৱৰ্ল্ড হেলথ এচেম্বলী ত এইখন গৃহীত হৈছে।
 
২) ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ(Impeachment)ৰ অভিযোগ সংসদৰ বৰ্ষাকালীন অধিবেশনত উত্থাপনৰ যো-জা চলিছে।
 
For the motion of impeachment to be moved, the resolution requires the support of 50 MPs if it is to be moved in the Rajya Sabha and 100 MPs if moved in the Lok Sabha. The motion of impeachment can be moved in either House.
 
মহাভিযোগৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন হ’লে ৫০জন সাংসদৰ আৰু লোকসভাত উত্থাপন হ’লে ১০০জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। অভিযোগনামাৰ প্ৰস্তাৱ যিকোনো সদনত উত্থাপন কৰিব পাৰি।
 
৩) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিমাসিক মানিটাৰী পলিচীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকা হেতুকে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে-
i) পলিচী ৰেপ’ ৰেট ৫০ বেছিছ পইণ্ট কমাই ৫.৫০% কৰা হৈছে।
ii)এক বছৰৰ ভিতৰত কেছ ৰিজাৰ্ভ ৰেছিও(CRR) ১০০ বেছিছ পইণ্ট কমোৱা হব।
iii)২০২৫-২৬ চনত প্ৰকৃত জি. ডি. পি. বৃদ্ধিৰ হাৰ ৬.৫% হব বুলি ধাৰণা কৰা হৈছে।
iv)২০২৫-২৬ চনত কনজিউমাৰ প্রাইচ ইণ্ডেক্স(CPI) সম্বন্ধীয় মুদ্ৰাস্ফীতি ৩.৭% হব বুলি নতুনকৈ ধাৰণা কৰা হৈছে,যিটো আগতে ৪% হব বুলি ভবা হৈছিল।
অৰ্থাৎ মুদ্ৰাস্ফীতি কম হব।
v)মানিটাৰী পলিচীৰ ক্ষেত্ৰত আৰ.বি.আই.ৰ স্থিতি আগৰ ‘এক’ম’ডেটিভ’ৰ পৰা পৰিৱৰ্তন কৰি ‘নিউট্ৰেল’ কৰা হৈছে।অৰ্থাৎ মুদ্ৰাস্ফীতি বঢ়া-টুটা হ’লে ৰেটৰ সালসলনি হব।
 
৪) প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰত তিনিটা প্ৰধান ৰেল প্ৰকল্প উদ্বোধন কৰে-
i) চেনাব দলং,বিশ্বৰ সৰ্বোচ্চ ৰেল আৰ্চ দলং।
ii)অঞ্জি দলং,ভাৰতৰ প্ৰথম কেবলৰ দ্বাৰা নিৰ্মিত ৰেল দলং।
iii) কাট্ৰা আৰু শ্ৰী নগৰৰ মাজত বন্দে ভাৰত ৰেল সেৱা।
 
মূল পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল- i)Rail Accidents and how to prevent these accidents.
 
৫) বিশ্ব জল দিৱস,২০২৫(২২ মাৰ্চ) ৰ থীম আছিল- হিমবাহসমূহৰ সংৰক্ষণ(Glacier Preservation)।
মেনিলা ঘোষণাপত্ৰ,জানুৱাৰী,২০১২: উৎপত্তিস্থলৰ পৰা সাগৰলৈ(S2S) পানী ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰা হৈছে।
নীতি আয়োগৰ ২০১৮ চনৰ এক অধ্যয়নমতে পানীৰ সমস্যাই ভাৰতৰ ৬০০ মিলিয়ন মানুহক প্ৰভাৱান্বিত কৰিব যাৰ ফলত ভাৰতৰ জি ডি পিৰ প্ৰায় ৬% ক্ষতি হব।
এছ.ডি. জি.(SDG)-৬: সকলোৰে বাবে পৰিষ্কাৰ পানী আৰু অনাময় ব্যৱস্থা উপলব্ধ কৰোৱা।ইয়াৰ আন এক লক্ষ্য বহনক্ষম জল ব্যৱস্থাপনা,পানীৰ গুণগত মান,জল পৰিস্থিতিতন্ত্ৰ উন্নীত কৰা।
 
এছ.ডি. জি.(SDG)-১৪: পানীৰ তলৰ জীৱসমূহ।
 
মূল পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল-ভাৰতৰ অৰ্থনীতিত জল সংকট(Water Stress)ৰ প্ৰভাৱ।
 
Prelims:
1)Recently Arambai Tenggol was in News. Why it is famous for?
2)Which of the following statements are correct regarding ports of Marseille,France& Trieste,Italy & Piraeus,Greece?
 
Ans:- All are parts of India-Middle East-Europe-Economic Corridor(IMEC).
 
৬)ইউনাইটেড নেচনচ পপুলেচন ফাণ্ড(UNPF)-অৰ  ‘ষ্টেট অৱ দ্য ৱৰ্ল্ড পপুলেচন ২০২৫:দ্য ৰিয়েল ফাৰ্টিলিটি ক্ৰাইছিছ’ প্ৰতিবেদন মতে-
 
ভাৰতৰ মুঠ প্ৰজনন হাৰ(Total Fertility Rate) ১.৯% যিটো প্ৰতিস্থাপন হাৰ(Replacement Rate) ২.১% তকৈ কম।ভাৰতৰ ৬৮% জনসংখ্যা ১৫ ৰ পৰা ৬৪ বছৰৰ ভিতৰত।ইয়াত ভাৰতক বিশ্বৰ জনবহুল ৰাজ্য বুলি কোৱা হৈছে।
 
এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ চনত বিশ্বৰ মানুহৰ গড় আয়ু পুৰুষৰ বাবে ৭১ বছৰ আৰু মহিলাৰ বাবে ৭৪ বছৰ নিৰ্ধাৰণ কৰা হৈছে।
 
Definitions for Prelims:
1)The TFR measures the number of children a woman is expected to have throughout her reproductive age.
 
2)Replacement level TFR is the rate needed for each generation to replace the previous generation’s population.
 
৭) আহমেদাবাদৰ বিমান দুৰ্ঘটনা: Mayday Call, Black Box,The Aircraft Accident Investigation Bureau (AAIB),DNA Profiling.
 
Q) ‘Aviation safety has become a global concern recently.’ Elucidate in light of the recent Ahmadabad Plan Crash.(250 Words/15 Marks)
 
 
‘বিমান পৰিবহণৰ সুৰক্ষা শেহতীয়াকৈ বিশ্বজুৰি উদ্বেগৰ বিষয় হৈ পৰিছে।’ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ আধাৰত স্পষ্ট কৰাঁ।(২৫০ শব্দ/১৫ নম্বৰ)
 
 
 
8)Oil Spill Case in Kerala Coast: The International Convention for the Prevention of Pollution from Ships (MARPOL) is the main international convention covering prevention of pollution of the marine environment by ships from operational or accidental causes.
 
The MARPOL Convention was adopted on 2 November 1973 at IMO. 
 
9) Prelims:
i) The Axiom Mission 4 (Ax-4), which is set to carry Indian astronaut Shubhanshu Shukla and three others to the International Space Station (ISS).
 
Link : Axiom Mission 4 – Wikipedia https://en.m.wikipedia.org/wiki/Axiom_Mission_4
 
১০) চাইপ্ৰাছ প্ৰশ্ন: শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাইপ্ৰাছ ভ্ৰমণ কৰে। চাইপ্ৰাছ ভূমধ্য সাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। 
 
দেশখন দুটা ভাগত বিভক্ত।উত্তৰ ফালটো তুৰ্কীমূলীয় আৰু দক্ষিণ ফালটো গ্ৰীকমূলীয় চৰকাৰৰ দ্বাৰা শাসিত।কিন্তু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰ দক্ষিণফালৰ গ্ৰীকমূলীয় চৰকাৰখনহে।উত্তৰ চাইপ্ৰাছৰ চৰকাৰখন অকল তুৰস্কদেশীয় চৰকাৰৰ দ্বাৰাহে স্বীকৃতিপ্ৰাপ্ত।দুয়োটা অঞ্চলৰ মাজত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত গ্ৰীণ লাইন অৱস্থিত।
 
ভাৰত-চাইপ্ৰাছ সম্পৰ্ক বহুদিনীয়া।চাইপ্ৰাছে ভাৰতৰ পৰা ৰপ্তানিতকৈ আমদানি বেছি কৰে।
 
ভাৰত-পাকিস্তানৰ শেহতীয়া সংঘাতৰ সময়ত তুৰস্কই পাকিস্তানক সৰ্বকালৰ বন্ধু হিচাপে অভিহিত কৰিছিল।গতিকে ভাৰতেও চাইপ্ৰাছ প্ৰশ্নত জড়িত হৈ থকা গ্ৰীকমূলীয় চাইপ্ৰাছ দেশখনৰ লগত একেটা পৃষ্ঠাত থকা উচিত।
 
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে চাইপ্ৰাছে ভাৰতক সমৰ্থন আগবঢ়াইছে।ভাৰত-আমেৰিকাৰ অসামৰিক পাৰমাণৱিক চুক্তিৰ সময়ত তথা নিউক্লিয়াৰ চাপ্লায়াৰ্চ গ্ৰুপত ভাৰতৰ অন্তৰ্ভুক্তিত ইণ্টাৰনেচনেল এট’মিক এনাৰ্জী এছোচিয়েছন(IAEA)ৰ মজিয়াত ভাৰতক সমৰ্থন কৰিছিল।
পশ্চিম এছিয়াৰ এই দেশখনৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে।
 
১১)অপাৰেচন সিন্ধু(Operation Sindhu): ইৰাণৰ পৰা ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযানৰ নাম।
 
12)Prelims: Definition- International SWIFT Payment System. Syria will soon be a part of International SWIFT Payment System.
 
১৩) ইৰাণ-ইজৰাইলৰ যুদ্ধ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণ:
ৰাষ্ট্ৰসংঘৰ চনদ, অনুচ্ছেদ ২(৪): আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত শক্তি প্ৰয়োগ বাৰণ কৰিছে।
ৰাষ্ট্ৰসংঘৰ চনদ, অনুচ্ছেদ ৫১: আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয়তা আৰু সমানুপাতিকভাবে শক্তি প্ৰয়োগ কৰিব পাৰে।
 
14) The global popularity of the ‘Heal in India’ mantra, highlighting India’s emergence as a leading destination for healing, is also growing, the Prime Minister said. Reduction of oil usage, avoiding an unhealthy diet, and practising yoga should be a fitness mantra, he said.
 
15) Prelims Perspective: M23 Armed Group.
 
১৬) ৪১ বছৰৰ বিৰতিৰ পিছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশত পদাৰ্পণ কৰে।নাছা,স্পেচ-এক্স আৰু এক্সিঅ’ম স্পেচৰ এক্সিঅ’ম-৪ মিছনৰ অংশ হিচাপে তেখেত হব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ(ISS)ত পদাৰ্পন কৰা প্ৰথম ভাৰতীয়।ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)-ৰ প্ৰথম মানৱীয় অন্তৰীক্ষ অভিযান ‘গগনযান’ৰ দুজন মহাকাশচাৰী হ’ব-শুভাংশু শুক্লা আৰু প্ৰশান্ত নায়াৰ।
 
১৭)চীনৰ কিংদাও চহৰত হোৱা চাংহাই ক’অপাৰেচন অৰ্গেনাইজেচন(SCO)ৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ সন্মিলনত ৰাজনাথ সিঙে যুটীয়া বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে কাৰণ তাত পাহালগাম আক্ৰমণৰ উল্লেখ হোৱা নাছিল,কিন্তু পাকিস্তানৰ বেলুচিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ উল্লেখ আছিল।
 
18) Prelims: 30 Critical Minerals identified by India.
 
The demand for copper, one of 30 critical minerals identified by India, is expected to double by 2030. 
 
১৯) শেহতীয়াকৈ হোৱা পুলিচৰ সংস্কাৰ(Police Reform)সমূহৰ এটা উদাহৰণ এনেধৰণৰ-
 
বিগত বৰ্ষত ভাৰত চৰকাৰে পুৰণি আইন আঁতৰাই তিনিখন নতুন আইন প্ৰৱৰ্তন কৰে।সেইকেইখন হ’ল-ভাৰতীয় দণ্ড সংহিতাৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় দণ্ড প্ৰক্রিয়া সংহিতাৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় সাক্ষ্য অধিনিয়ম-১৯৭২ ৰ ঠাইত সংস্কাৰকামী নতুন আইন একেই নামেৰেই প্ৰৱৰ্তন কৰা হৈছে।
 
বৰ্তমান সৰহসংখ্যক এজাহাৰ(FIR) পঞ্জীকৰণ হয় দি ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমচ(CCTNS)ৰ মাধ্যমত যাৰ যোগেদি বিভিন্ন চৰকাৰী বিভাগসমূহ যেনে ফৰেনচিক চাইন্স লেব’ৰেটৰী,আদালত, জেল আদিয়ে তথ্য লাভ কৰিব পাৰে।ইয়াৰ যোগেদি ফৌজদাৰী বিচাৰ ব্যৱস্থা(Inter-operable Criminal Justice System-ICJS)ৰ সংস্কাৰ সাধন হৈছে।
ই-সাক্ষ্য(E-Sakshya) হৈছে এক মোবাইল এপ্লিকেচন যাৰ যোগেদি বাস্তৱিক সময়(Real Time)ত সাক্ষ্য সমূহ সংগ্ৰহ তথা ভৱিষ্যতলৈ সংৰক্ষণ কৰিব পাৰি।
 
নাগৰিক সুৰক্ষা সংহিতাই তদন্তকাৰী বিষয়াৰ বাবে কিছুমান প্ৰক্ৰিয়া দৃশ্য আৰু শ্ৰৱ্য(Audio-Visual) ইলেকট্ৰ’নিক মাধ্যমৰ জৰিয়তে ৰেকৰ্ডিং বাধ্যতামূলক কৰিছে যেনে ধাৰা-১৭৬ মতে অপৰাধক্ষেত্ৰৰ ভিডিঅ’গ্ৰাফী কৰা।
 
প্ৰতিবন্ধকতা: 
‘ই-সাক্ষ্য’ৰ জৰিয়তে সংগ্ৰহ কৰা ফটো আৰু ভিডিওসমূহ ‘সাক্ষ্য লকাৰ’ৰ সহায়ত ‘নেচনেল গৱৰ্ণমেণ্ট ক্লাউড’ত জমা ৰখা হয়।কিন্ত আদালতসমূহে ইন্টাৰ-অপাৰেবিলিটিৰ জৰিয়তে ইয়াক উপলব্ধ কৰিব পৰা এতিয়াও হোৱা নাই।