Uncategorized

Monthly Current Affairs/June-2025

সাম্প্ৰতিক ঘটনাৱলী/জুন-২০২৫

হেমেন শৰ্মাৰ দ্বাৰা প্ৰস্তুত।

১) বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰী চুক্তি(WHO Pandemic Agreement): বিশ্ব স্বাস্থ্য সংস্থাৰ এই চুক্তিখনৰ জৰিয়তে মহামাৰী নিবাৰণ তথা মহামাৰী প্ৰতিৰোধৰ বাবে কেনেদৰে সাজু হব লাগিব তথা মহামাৰীৰ সময়ত কি কৰা উচিত,এইবোৰৰ বিষয়ে আলোকপাত কৰা হৈছে। ভাৰত এই চুক্তিৰ স্বাক্ষৰকাৰী।এই চুক্তিৰ এক প্ৰধান  অংগ হৈছে- পেথ’জেন একচেচ্ এণ্ড বেনিফিট শ্বেয়াৰিং চিষ্টেম(PABS)।বিশ্বৰ ৬০ খন দেশে ইয়াত আনুষ্ঠানিক অনুমোদন দিলে এইখন বলৱৎ হব।শেহতীয়াকৈ ২০২৫ চনৰ মে’ মাহত ৱৰ্ল্ড হেলথ এচেম্বলী ত এইখন গৃহীত হৈছে।

২) ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ(Impeachment)ৰ অভিযোগ সংসদৰ বৰ্ষাকালীন অধিবেশনত উত্থাপনৰ যো-জা চলিছে।

For the motion of impeachment to be moved, the resolution requires the support of 50 MPs if it is to be moved in the Rajya Sabha and 100 MPs if moved in the Lok Sabha. The motion of impeachment can be moved in either House.

মহাভিযোগৰ প্ৰস্তাৱ ৰাজ্যসভাত উত্থাপন হ’লে ৫০জন সাংসদৰ আৰু লোকসভাত উত্থাপন হ’লে ১০০জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। অভিযোগনামাৰ প্ৰস্তাৱ যিকোনো সদনত উত্থাপন কৰিব পাৰি।

৩) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিমাসিক মানিটাৰী পলিচীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকা হেতুকে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে-

i) পলিচী ৰেপ’ ৰেট ৫০ বেছিছ পইণ্ট কমাই ৫.৫০% কৰা হৈছে।

ii)এক বছৰৰ ভিতৰত কেছ ৰিজাৰ্ভ ৰেছিও(CRR) ১০০ বেছিছ পইণ্ট কমোৱা হব।

iii)২০২৫-২৬ চনত প্ৰকৃত জি. ডি. পি. বৃদ্ধিৰ হাৰ ৬.৫% হব বুলি ধাৰণা কৰা হৈছে।

iv)২০২৫-২৬ চনত কনজিউমাৰ প্রাইচ ইণ্ডেক্স(CPI) সম্বন্ধীয় মুদ্ৰাস্ফীতি ৩.৭% হব বুলি নতুনকৈ ধাৰণা কৰা হৈছে,যিটো আগতে ৪% হব বুলি ভবা হৈছিল।

অৰ্থাৎ মুদ্ৰাস্ফীতি কম হব।

v)মানিটাৰী পলিচীৰ ক্ষেত্ৰত আৰ.বি.আই.ৰ স্থিতি আগৰ ‘এক’ম’ডেটিভ’ৰ পৰা পৰিৱৰ্তন কৰি ‘নিউট্ৰেল’ কৰা হৈছে।অৰ্থাৎ মুদ্ৰাস্ফীতি বঢ়া-টুটা হ’লে ৰেটৰ সালসলনি হব।

৪) প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰত তিনিটা প্ৰধান ৰেল প্ৰকল্প উদ্বোধন কৰে-

i) চেনাব দলং,বিশ্বৰ সৰ্বোচ্চ ৰেল আৰ্চ দলং।

ii)অঞ্জি দলং,ভাৰতৰ প্ৰথম কেবলৰ দ্বাৰা নিৰ্মিত ৰেল দলং।

iii) কাট্ৰা আৰু শ্ৰী নগৰৰ মাজত বন্দে ভাৰত ৰেল সেৱা।

মূল পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল- i)Rail Accidents and how to prevent these accidents.

৫) বিশ্ব জল দিৱস,২০২৫(২২ মাৰ্চ) ৰ থীম আছিল- হিমবাহসমূহৰ সংৰক্ষণ(Glacier Preservation)।

মেনিলা ঘোষণাপত্ৰ,জানুৱাৰী,২০১২: উৎপত্তিস্থলৰ পৰা সাগৰলৈ(S2S) পানী ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰা হৈছে।

নীতি আয়োগৰ ২০১৮ চনৰ এক অধ্যয়নমতে পানীৰ সমস্যাই ভাৰতৰ ৬০০ মিলিয়ন মানুহক প্ৰভাৱান্বিত কৰিব যাৰ ফলত ভাৰতৰ জি ডি পিৰ প্ৰায় ৬% ক্ষতি হব।

এছ.ডি. জি.(SDG)-৬: সকলোৰে বাবে পৰিষ্কাৰ পানী আৰু অনাময় ব্যৱস্থা উপলব্ধ কৰোৱা।ইয়াৰ আন এক লক্ষ্য বহনক্ষম জল ব্যৱস্থাপনা,পানীৰ গুণগত মান,জল পৰিস্থিতিতন্ত্ৰ উন্নীত কৰা।

এছ.ডি. জি.(SDG)-১৪: পানীৰ তলৰ জীৱসমূহ।

মূল পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহ হ’ল-ভাৰতৰ অৰ্থনীতিত জল সংকট(Water Stress)ৰ প্ৰভাৱ।

Prelims:

1)Recently Arambai Tenggol was in News. Why it is famous for?

2)Which of the following statements are correct regarding ports of Marseille,France& Trieste,Italy & Piraeus,Greece?

Ans:- All are parts of India-Middle East-Europe-Economic Corridor(IMEC).

৬)ইউনাইটেড নেচনচ পপুলেচন ফাণ্ড(UNPF)-অৰ  ‘ষ্টেট অৱ দ্য ৱৰ্ল্ড পপুলেচন ২০২৫:দ্য ৰিয়েল ফাৰ্টিলিটি ক্ৰাইছিছ’ প্ৰতিবেদন মতে-

ভাৰতৰ মুঠ প্ৰজনন হাৰ(Total Fertility Rate) ১.৯% যিটো প্ৰতিস্থাপন হাৰ(Replacement Rate) ২.১% তকৈ কম।ভাৰতৰ ৬৮% জনসংখ্যা ১৫ ৰ পৰা ৬৪ বছৰৰ ভিতৰত।ইয়াত ভাৰতক বিশ্বৰ জনবহুল ৰাজ্য বুলি কোৱা হৈছে।

এই প্ৰতিবেদনত কোৱা হৈছে যে ২০২৫ চনত বিশ্বৰ মানুহৰ গড় আয়ু পুৰুষৰ বাবে ৭১ বছৰ আৰু মহিলাৰ বাবে ৭৪ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

Definitions for Prelims:

1)The TFR measures the number of children a woman is expected to have throughout her reproductive age.

2)Replacement level TFR is the rate needed for each generation to replace the previous generation’s population.

৭) আহমেদাবাদৰ বিমান দুৰ্ঘটনা: Mayday Call, Black Box,The Aircraft Accident Investigation Bureau (AAIB),DNA Profiling.

Q) ‘Aviation safety has become a global concern recently.’ Elucidate in light of the recent Ahmadabad Plan Crash.(250 Words/15 Marks)

‘বিমান পৰিবহণৰ সুৰক্ষা শেহতীয়াকৈ বিশ্বজুৰি উদ্বেগৰ বিষয় হৈ পৰিছে।’ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ আধাৰত স্পষ্ট কৰাঁ।(২৫০ শব্দ/১৫ নম্বৰ)

8)Oil Spill Case in Kerala Coast: The International Convention for the Prevention of Pollution from Ships (MARPOL) is the main international convention covering prevention of pollution of the marine environment by ships from operational or accidental causes.

The MARPOL Convention was adopted on 2 November 1973 at IMO. 

9) Prelims:

i) The Axiom Mission 4 (Ax-4), which is set to carry Indian astronaut Shubhanshu Shukla and three others to the International Space Station (ISS).

Link : Axiom Mission 4 – Wikipedia https://en.m.wikipedia.org/wiki/Axiom_Mission_4

১০) চাইপ্ৰাছ প্ৰশ্ন: শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চাইপ্ৰাছ ভ্ৰমণ কৰে। চাইপ্ৰাছ ভূমধ্য সাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। 

দেশখন দুটা ভাগত বিভক্ত।উত্তৰ ফালটো তুৰ্কীমূলীয় আৰু দক্ষিণ ফালটো গ্ৰীকমূলীয় চৰকাৰৰ দ্বাৰা শাসিত।কিন্তু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰ দক্ষিণফালৰ গ্ৰীকমূলীয় চৰকাৰখনহে।উত্তৰ চাইপ্ৰাছৰ চৰকাৰখন অকল তুৰস্কদেশীয় চৰকাৰৰ দ্বাৰাহে স্বীকৃতিপ্ৰাপ্ত।দুয়োটা অঞ্চলৰ মাজত ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃত গ্ৰীণ লাইন অৱস্থিত।

ভাৰত-চাইপ্ৰাছ সম্পৰ্ক বহুদিনীয়া।চাইপ্ৰাছে ভাৰতৰ পৰা ৰপ্তানিতকৈ আমদানি বেছি কৰে।

ভাৰত-পাকিস্তানৰ শেহতীয়া সংঘাতৰ সময়ত তুৰস্কই পাকিস্তানক সৰ্বকালৰ বন্ধু হিচাপে অভিহিত কৰিছিল।গতিকে ভাৰতেও চাইপ্ৰাছ প্ৰশ্নত জড়িত হৈ থকা গ্ৰীকমূলীয় চাইপ্ৰাছ দেশখনৰ লগত একেটা পৃষ্ঠাত থকা উচিত।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে চাইপ্ৰাছে ভাৰতক সমৰ্থন আগবঢ়াইছে।ভাৰত-আমেৰিকাৰ অসামৰিক পাৰমাণৱিক চুক্তিৰ সময়ত তথা নিউক্লিয়াৰ চাপ্লায়াৰ্চ গ্ৰুপত ভাৰতৰ অন্তৰ্ভুক্তিত ইণ্টাৰনেচনেল এট’মিক এনাৰ্জী এছোচিয়েছন(IAEA)ৰ মজিয়াত ভাৰতক সমৰ্থন কৰিছিল।

পশ্চিম এছিয়াৰ এই দেশখনৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে।

১১)অপাৰেচন সিন্ধু(Operation Sindhu): ইৰাণৰ পৰা ভাৰতীয় নাগৰিকৰ উদ্ধাৰ অভিযানৰ নাম।

12)Prelims: Definition- International SWIFT Payment System. Syria will soon be a part of International SWIFT Payment System.

১৩) ইৰাণ-ইজৰাইলৰ যুদ্ধ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণ:

ৰাষ্ট্ৰসংঘৰ চনদ, অনুচ্ছেদ ২(৪): আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত শক্তি প্ৰয়োগ বাৰণ কৰিছে।

ৰাষ্ট্ৰসংঘৰ চনদ, অনুচ্ছেদ ৫১: আত্মৰক্ষাৰ বাবে প্ৰয়োজনীয়তা আৰু সমানুপাতিকভাবে শক্তি প্ৰয়োগ কৰিব পাৰে।

14) The global popularity of the ‘Heal in India’ mantra, highlighting India’s emergence as a leading destination for healing, is also growing, the Prime Minister said. Reduction of oil usage, avoiding an unhealthy diet, and practising yoga should be a fitness mantra, he said.

15) Prelims Perspective: M23 Armed Group.

১৬) ৪১ বছৰৰ বিৰতিৰ পিছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই মহাকাশত পদাৰ্পণ কৰে।নাছা,স্পেচ-এক্স আৰু এক্সিঅ’ম স্পেচৰ এক্সিঅ’ম-৪ মিছনৰ অংশ হিচাপে তেখেত হব আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ(ISS)ত পদাৰ্পন কৰা প্ৰথম ভাৰতীয়।ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)-ৰ প্ৰথম মানৱীয় অন্তৰীক্ষ অভিযান ‘গগনযান’ৰ দুজন মহাকাশচাৰী হ’ব-শুভাংশু শুক্লা আৰু প্ৰশান্ত নায়াৰ।

১৭)চীনৰ কিংদাও চহৰত হোৱা চাংহাই ক’অপাৰেচন অৰ্গেনাইজেচন(SCO)ৰ প্ৰতিৰক্ষা মন্ত্রীসকলৰ সন্মিলনত ৰাজনাথ সিঙে যুটীয়া বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে কাৰণ তাত পাহালগাম আক্ৰমণৰ উল্লেখ হোৱা নাছিল,কিন্তু পাকিস্তানৰ বেলুচিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণ উল্লেখ আছিল।

18) Prelims: 30 Critical Minerals identified by India.

The demand for copper, one of 30 critical minerals identified by India, is expected to double by 2030. 

১৯) শেহতীয়াকৈ হোৱা পুলিচৰ সংস্কাৰ(Police Reform)সমূহৰ এটা উদাহৰণ এনেধৰণৰ-

বিগত বৰ্ষত ভাৰত চৰকাৰে পুৰণি আইন আঁতৰাই তিনিখন নতুন আইন প্ৰৱৰ্তন কৰে।সেইকেইখন হ’ল-ভাৰতীয় দণ্ড সংহিতাৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় দণ্ড প্ৰক্রিয়া সংহিতাৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় সাক্ষ্য অধিনিয়ম-১৯৭২ ৰ ঠাইত সংস্কাৰকামী নতুন আইন একেই নামেৰেই প্ৰৱৰ্তন কৰা হৈছে।

বৰ্তমান সৰহসংখ্যক এজাহাৰ(FIR) পঞ্জীকৰণ হয় দি ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমচ(CCTNS)ৰ মাধ্যমত যাৰ যোগেদি বিভিন্ন চৰকাৰী বিভাগসমূহ যেনে ফৰেনচিক চাইন্স লেব’ৰেটৰী,আদালত, জেল আদিয়ে তথ্য লাভ কৰিব পাৰে।ইয়াৰ যোগেদি ফৌজদাৰী বিচাৰ ব্যৱস্থা(Inter-operable Criminal Justice System-ICJS)ৰ সংস্কাৰ সাধন হৈছে।

ই-সাক্ষ্য(E-Sakshya) হৈছে এক মোবাইল এপ্লিকেচন যাৰ যোগেদি বাস্তৱিক সময়(Real Time)ত সাক্ষ্য সমূহ সংগ্ৰহ তথা ভৱিষ্যতলৈ সংৰক্ষণ কৰিব পাৰি।

নাগৰিক সুৰক্ষা সংহিতাই তদন্তকাৰী বিষয়াৰ বাবে কিছুমান প্ৰক্ৰিয়া দৃশ্য আৰু শ্ৰৱ্য(Audio-Visual) ইলেকট্ৰ’নিক মাধ্যমৰ জৰিয়তে ৰেকৰ্ডিং বাধ্যতামূলক কৰিছে যেনে ধাৰা-১৭৬ মতে অপৰাধক্ষেত্ৰৰ ভিডিঅ’গ্ৰাফী কৰা।

প্ৰতিবন্ধকতা: 

‘ই-সাক্ষ্য’ৰ জৰিয়তে সংগ্ৰহ কৰা ফটো আৰু ভিডিওসমূহ ‘সাক্ষ্য লকাৰ’ৰ সহায়ত ‘নেচনেল গৱৰ্ণমেণ্ট ক্লাউড’ত জমা ৰখা হয়।কিন্ত আদালতসমূহে ইন্টাৰ-অপাৰেবিলিটিৰ জৰিয়তে ইয়াক উপলব্ধ কৰিব পৰা এতিয়াও হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *