Articles

ৱাকফ (সংশোধনী) আইন,২০২৫ ৰ বিষয়ে জানো আঁহক?

অনুবাদক- হেমেন শৰ্মা

ৱাকফ কি?

‘ৱাকফ’ৰ ধাৰণাটো ইছলামিক আইন আৰু পৰম্পৰাৰ মাজত শিপাই আছে। ইয়াৰ অৰ্থ হ’ল এজন মুছলমানে দাতব্য বা ধৰ্মীয় উদ্দেশ্যত কৰা দান যেনে মছজিদ, বিদ্যালয়, চিকিৎসালয় বা অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠান নিৰ্মাণ। ৱাকফৰ আন এটা সংজ্ঞায়িত বৈশিষ্ট্য হ’ল ইয়াক অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰি অৰ্থাৎ ইয়াক বিক্ৰী, উপহাৰ, উত্তৰাধিকাৰী হিচাপে লব নোৱাৰি। গতিকে এবাৰ কোনো সম্পত্তি ৱাকিফৰ পৰা অৰ্থাৎ ৱাকফৰ সৃষ্টিকৰ্তাৰ পৰা বিচ্যুত হ’লে ই ঈশ্বৰৰ ওপৰত নিহিত হয় আৰু ইছলামিক বিশ্বাস অনুসৰি যিহেতু ঈশ্বৰ চিৰস্থায়ী, গতিকে ৱাকফৰ সম্পত্তিও তেনেকুৱাই।

১)ৱাকফ (সংশোধনী) বিধেয়কখনৰ লক্ষ্য হৈছে –

i) ৱাকফৰ সম্পত্তি ব্যৱস্থাপনাত স্বচ্ছতাৰ অভাৱ।

ii) ৱাকফৰ ভূমিৰ ৰেকৰ্ডৰ অসম্পূৰ্ণ জৰীপ আৰু মিউটেচন।

iii)মহিলাৰ উত্তৰাধিকাৰীত্বৰ অধিকাৰৰ বাবে অপৰ্যাপ্ত ব্যৱস্থা।

iv)বেদখলকে ধৰি বৃহৎ সংখ্যক দীৰ্ঘদিনীয়া মামলা।
২০১৩ চনত ১০,৩৮১টা পেণ্ডিং গোচৰ আছিল যিবোৰ এতিয়া ২১,৬১৮টা গোচৰলৈ বৃদ্ধি পাইছে।

v)নিজৰ অনুসন্ধানৰ ভিত্তিত যিকোনো সম্পত্তিক ৱাকফ ভূমি ঘোষণা কৰাৰ অযুক্তিকৰ ক্ষমতা ৱাকফ ব’ৰ্ডৰ।

vi)ৱাকফ হিচাপে ঘোষণা কৰা চৰকাৰী মাটিৰ সৈতে জড়িত বৃহৎ সংখ্যক বিবাদ।

vii)ৱাকফৰ সম্পত্তিৰ সঠিক হিচাপ-নিকাচ আৰু অডিটিংৰ অভাৱ।

viii)ৱাকফ ব্যৱস্থাপনাত প্ৰশাসনিক অদক্ষতা।

ix)ট্ৰাষ্টৰ সম্পত্তিৰ প্ৰতি অনুচিত ব্যৱহাৰ।

x)কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক ৱাকফ ব’ৰ্ডত অংশীদাৰসকলৰ অপৰ্যাপ্ত প্ৰতিনিধিত্ব।

২) ৱাকফ বিধেয়ক আধুনিকীকৰণ:

ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ৰ লক্ষ্য হৈছে ৱাকফৰ সম্পত্তিৰ পৰিচালনা সুশৃংখলিত কৰা, ঐতিহ্য ক্ষেত্ৰসমূহ সুৰক্ষিত কৰা আৰু সমাজ কল্যাণক প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

৩)ৱাকফ হিচাপে ঘোষণা কৰা অমুছলমান সম্পত্তি-

ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ৰ লক্ষ্য হৈছে ঐতিহ্য ক্ষেত্ৰ আৰু ব্যক্তিগত সম্পত্তিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে ৱাকফৰ সম্পত্তি ব্যৱস্থাপনা সুশৃংখলিত কৰা। বিভিন্ন ৰাজ্যত ৱাকফৰ সম্পত্তিৰ দাবীক লৈ বিবাদৰ সৃষ্টি হৈছে, যাৰ ফলত আইনী যুদ্ধ আৰু সাম্প্ৰদায়িক উদ্বেগ সৃষ্টি হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰৰ তথ্য অনুসৰি ২৫খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৱাকফ ব’ৰ্ডত মুঠ ৫৯৭৩টা চৰকাৰী তথা ব্যক্তিগত সম্পত্তি ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰা হৈছে। একেটাৰে কিছুমান উদাহৰণ:

ক) তামিলনাডুঃ সমগ্ৰ গাঁওখনৰ ওপৰত ৱাকফ ব’ৰ্ডৰ দাবীৰ বাবে থিৰুচেনথুৰাই গাঁৱৰ এজন কৃষকে নিজৰ মাটি বিক্ৰী কৰিব পৰা নাছিল। এই অভাৱনীয় প্ৰয়োজনীয়তাই তেওঁ নিজৰ মাটি বিক্ৰী কৰি জীয়েকৰ বিয়াৰ ঋণ পৰিশোধ কৰিবলৈ বাধা দিছিল।

খ) বিহাৰৰ গোবিন্দপুৰ গাঁওঃ ২০২৪ চনৰ আগষ্ট মাহত এখন সম্পূৰ্ণ গাঁৱৰ ওপৰত বিহাৰ চুন্নী ৱাকফ ব’ৰ্ডৰ দাবীয়ে সাতটা পৰিয়ালক প্ৰভাৱিত কৰিছিল, যাৰ ফলত পাটনা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হৈছিল।গোচৰটো বৰ্তমান বিচাৰাধীন।

গ) কেৰালাঃ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এৰ্নাকুলাম জিলাৰ প্ৰায় ৬০০ খ্ৰীষ্টান পৰিয়ালে নিজৰ পূৰ্বপুৰুষৰ মাটিক লৈ ৱাকফ ব’ৰ্ডৰ দাবীৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। যুটীয়া সংসদীয় সমিতিৰ ওচৰত আবেদন জনাইছে।

ঘ) কৰ্ণাটকঃ ২০২৪ চনত ৱাকফ ব’ৰ্ডে বিজয়াপুৰাত ১৫ হাজাৰ একৰ ভূমি ৱাকফ ভূমি হিচাপে নিৰ্ধাৰণ কৰাৰ পিছত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বল্লৰী, চিত্ৰদুৰ্গ, য়াদগিৰ, ধৰৱাড়তো বিবাদৰ সৃষ্টি হৈছিল। চৰকাৰে অৱশ্যে কোনো উচ্ছেদ নহ’ব বুলি আশ্বাস দিয়ে।

ঙ) উত্তৰ প্ৰদেশঃ ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ দুৰ্নীতি আৰু অপব্যৱস্থাপনাৰ অভিযোগ উত্থাপন হৈছে।

তদুপৰি, ৱাকফ (সংশোধনী) বিধেয়কৰ যুটীয়া সংসদীয় সমিতিয়েও ৱাকফ ব’ৰ্ডৰ সম্পত্তিৰ অবৈধ দাবী সম্পৰ্কীয় কিছু যোগাযোগ লাভ কৰিছিল, ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ:

ক)কৰ্ণাটক (১৯৭৫ & ২০২০): কৃষিভূমি, ৰাজহুৱা স্থান, চৰকাৰী মাটি, কবৰস্থান, হ্ৰদ, আৰু মন্দিৰকে ধৰি ৪০টা ৱাকফ সম্পত্তিৰ বিষয়ে অৱগত কৰা হৈছিল।

খ)পঞ্জাৱ ৱাকফ ব’ৰ্ডে পাটিয়ালাৰ শিক্ষা বিভাগৰ মাটি দাবী কৰিছে।
ইয়াৰ উপৰিও ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত MoHUA (গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়)-এ জেপিচিক তেওঁলোকৰ উপস্থাপনৰ সময়ত জনাইছিল যে ভূমি আৰু উন্নয়ন কাৰ্যালয়ৰ নিয়ন্ত্ৰণত থকা ১০৮টা সম্পত্তি, দিল্লী উন্নয়ন কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণত থকা ১৩০টা সম্পত্তি আৰু ৰাজহুৱা স্থানৰ ১২৩টা সম্পত্তিক ৱাকফ সম্পত্তি হিচাপে ঘোষণা কৰি মামলাত অনা হৈছে।

৪)মুছলমান মহিলা আৰু আইনী উত্তৰাধিকাৰীৰ অধিকাৰ:

এই বিধেয়কখনে আত্মসহায়ক গোট (এছ এইচ জি) আৰু আৰ্থিক স্বাধীনতা কাৰ্যসূচীক প্ৰসাৰিত কৰি মুছলমান মহিলা বিশেষকৈ বিধৱা আৰু বিবাহ বিচ্ছেদ হোৱা মহিলাসকলৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা উন্নত কৰাৰ বাবেও চেষ্টা কৰিছে।

ইয়াৰ উপৰিও বিধেয়কখনৰ লক্ষ্য হৈছে মুছলমান মহিলাসকলৰ সুবিধাৰ বাবে তলত উল্লেখ কৰা বিষয়সমূহ লাভ কৰা-

i)ৱাকফ ব্যৱস্থাপনাত স্বচ্ছতা – দুৰ্নীতি ৰোধ কৰিবলৈ ৱাকফ ৰেকৰ্ড ডিজিটেলাইজ কৰা।

ii)আইনী সাহায্য আৰু সমাজ কল্যাণ – পৰিয়ালৰ বিবাদ আৰু উত্তৰাধিকাৰৰ অধিকাৰৰ বাবে আইনী সহায়ক কেন্দ্ৰ স্থাপন কৰা।

iii)সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয় – সাংস্কৃতিক সংৰক্ষণ আৰু আন্তঃধৰ্মীয় আলোচনা শক্তিশালী কৰা।

মহিলাসকলৰ জড়িতকৰণে স্বচ্ছতা নিশ্চিত কৰে আৰু ৱাকফৰ সম্পদসমূহক নিম্নোক্ত দিশসমূহৰ ক্ষেত্ৰত প্ৰয়োগ হোৱাত সহায় কৰিব-:

i)মুছলমান ছোৱালীৰ বাবে বৃত্তি।
ii)স্বাস্থ্যসেৱা আৰু প্ৰসূতি কল্যাণ।
iii)মহিলা উদ্যোগীসকলৰ বাবে দক্ষতা বিকাশ আৰু ক্ষুদ্ৰ বিত্তীয় সহায়।
iv)ফেশ্বন ডিজাইন, স্বাস্থ্যসেৱা, উদ্যোগীকৰণৰ দৰে ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ।
v)উত্তৰাধিকাৰ বিবাদ আৰু ঘৰুৱা হিংসাৰ গোচৰৰ বাবে আইনী সাহায্য কেন্দ্ৰ স্থাপন কৰা।
vi)বিধৱাৰ বাবে পেঞ্চন আঁচনি।

৫)দুখীয়াসকলৰ অৱস্থাৰ উন্নীতকৰণ:-

বিশেষকৈ অসুবিধাগ্ৰস্তসকলৰ বাবে ধৰ্মীয়, দাতব্য, আৰু সমাজ কল্যাণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত ৱাকফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু অপব্যৱস্থাপনা, বেদখল, স্বচ্ছতাৰ অভাৱৰ বাবে ইয়াৰ প্ৰভাৱ প্ৰায়ে হ্ৰাস পাইছে।

দৰিদ্ৰসকলৰ বাবে ৱাকফৰ কিছুমান মূল উপকাৰ:

i) স্বচ্ছতা আৰু জবাবদিহিতাৰ বাবে ডিজিটেলাইজেচন:

এটা কেন্দ্ৰীভূত ডিজিটেল পৰ্টেলে ৱাকফৰ বৈশিষ্ট্যসমূহ অনুসৰণ কৰিব, উন্নত চিনাক্তকৰণ, নিৰীক্ষণ, আৰু ব্যৱস্থাপনা নিশ্চিত কৰিব।

ii)অডিটিং আৰু হিচাপ-নিকাচৰ ব্যৱস্থাই বিত্তীয় অপব্যৱস্থাপনা ৰোধ কৰিব আৰু ধন কেৱল কল্যাণমূলক উদ্দেশ্যত ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব।

iii)কল্যাণ আৰু উন্নয়নৰ বাবে ৰাজহ বৃদ্ধি:
ৱাকফৰ মাটিৰ অপব্যৱহাৰ আৰু অবৈধ দখল ৰোধ কৰিলে ৱাকফ ব’ৰ্ডৰ ৰাজহ বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে কল্যাণমূলক কাৰ্যসূচী সম্প্ৰসাৰণ কৰিব পাৰিব।

iv) স্বাস্থ্যসেৱা, শিক্ষা, গৃহ নিৰ্মাণ, আৰু জীৱিকাৰ সহায়ৰ বাবে ধন আবণ্টন কৰা হ’ব, যাৰ ফলত অৰ্থনৈতিকভাৱে দুৰ্বল অংশক প্ৰত্যক্ষভাৱে উপকৃত কৰা হ’ব।

v)নিয়মীয়া অডিট আৰু পৰিদৰ্শনে বিত্তীয় অনুশাসনক প্ৰসাৰিত কৰিব আৰু ৱাকফ পৰিচালনাৰ ওপৰত জনসাধাৰণৰ আস্থা শক্তিশালী কৰিব।

৭)পিছপৰা শ্ৰেণী আৰু মুছলমান সম্প্ৰদায়ৰ অন্যান্য সম্প্ৰদায়ৰ সবলীকৰণ:

বিধেয়কখনৰ লক্ষ্য হৈছে উন্নত ৱাকফ শাসন আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে বিভিন্ন মুছলমান সম্প্ৰদায়ৰ পৰা ৱাকফ ব’ৰ্ডত অধিক প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা।
বিধেয়কখনে বহৰা আৰু আঘাখানী সম্প্ৰদায়ৰ পৰা এজনকৈ সদস্যক ৰাজ্যিক/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৱাকফ ব’ৰ্ডত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিছে, যদিহে তেওঁলোকৰ কাৰ্যক্ষম ব্যক্তি আছে।
লগতে ছিয়া আৰু চুন্নী সদস্যৰ বাহিৰেও পিছপৰা শ্ৰেণীৰ মুছলমানৰ পৰাও ব’ৰ্ডত প্ৰতিনিধিত্ব থাকিব।
পৌৰসভা বা পঞ্চায়তৰ পৰা দুজন বা তাতকৈ অধিক নিৰ্বাচিত সদস্যক অন্তৰ্ভুক্ত কৰি ৱাকফ বিষয়ত স্থানীয় শাসন ব্যৱস্থা শক্তিশালী কৰা হব।
ব’ৰ্ড/চি. ডব্লিউ. চি. ত দুজন অমুছলমান সদস্য থাকিব।

৮) উপসংহাৰ:

ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ য়ে ৱাকফ প্ৰশাসনৰ বাবে এক ধৰ্মনিৰপেক্ষ, স্বচ্ছ, আৰু জবাবদিহি ব্যৱস্থা স্থাপন কৰিছে। ৱাকফৰ সম্পত্তিসমূহে ধৰ্মীয় আৰু দাতব্য উদ্দেশ্য সাধন কৰিলেও ইয়াৰ পৰিচালনাত আইনী, আৰ্থিক আৰু প্ৰশাসনিক দায়িত্ব জড়িত হৈ থাকে যাৰ বাবে গাঁথনিগত শাসনৰ প্ৰয়োজন হয়। ৱাকফ ব’ৰ্ড আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদৰ ভূমিকা ধৰ্মীয় নহয় বৰঞ্চ নিয়ন্ত্ৰণমূলক, আইনী অনুসৰণ নিশ্চিত কৰা আৰু জনস্বাৰ্থ সুৰক্ষিত কৰা। চেক এণ্ড বেলেন্স প্ৰৱৰ্তন কৰি, অংশীদাৰসকলক সবলীকৰণ কৰি, আৰু শাসন ব্যৱস্থা উন্নত কৰি, বিধেয়কখনে ভাৰতত ৱাকফ প্ৰশাসনৰ বাবে এক প্ৰগতিশীল আৰু ন্যায্য কাঠামো নিৰ্ধাৰণ কৰিছে।

সৌজন্য: পি.আই.বি.

Leave a Reply

Your email address will not be published. Required fields are marked *